অসম লাইভ ২৪ঃ সোমবাৰৰ পৰা ৰাজধানী দিল্লীত আনলক-৪ প্ৰক্ৰিয়া আৰম্ভ। কোভিড সংক্ৰমণৰ ঘটনা ক্ৰমাৎ হ্ৰাস পোৱাত আনলকৰ দিশে আগবাঢ়িছে দিল্লী চৰকাৰ। ২১ জুনৰ পৰা ৰাজহুৱা পাৰ্ক, উদ্যান, গ’ল্ফ ক্লাব, বাৰ আদি খোলাৰ অনুমতি প্ৰদান কৰিছে দিল্লী ডিজেষ্টাৰ মেনেজমেণ্ট অথৰিটী (DDMA) য়ে। স্থানসমূহত উপায়ুক্তৰ নিৰ্দেশ অনুসৰি কোভিড গাইডলাইন পালন কৰিব লাগিব দিল্লীবাসীয়ে। লগতে কিছু নিৰ্দেশনা জাৰি কৰিছে প্ৰশাসনে। বৰ্তমান দিল্লীত এটা জ’নত এদিন এখনেই সাপ্তাহিক বজাৰ খুলিব পাৰিব। আৱাসিক এলেকাসমূহত সকলো দোকান পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খোলাৰ অনুমতি প্ৰদান কৰা হৈছে। ইয়াৰ উপৰি সকলো দোকান আৰু মনসমূহো পুৱা ১০ বজাৰ পৰা নিশা ৮ বজালৈ খুলিব পাৰিব। আনহাতে, ৰেষ্টুৰেণ্টসমূহ ৫০ শতাংশ গ্ৰাহকেৰে দিনৰ ১০ বজাৰ পৰা নিশা ৮ বজালৈ খুলিব পাৰিব। ৫০ শতাংশ গ্ৰাহকেৰে বাৰসমূহ খুলিব পাৰিব। দুপৰীয়া ১২ বজাৰ পৰা নিশা ১০ বজালৈ বাৰ খোলাৰ অনুমতি প্ৰশাসনৰ। মেট্ৰ’, কেব, বাছ, অটো, ৰিক্সা আদি ৫০ শতাংশ যাত্ৰীৰে সামাজিক দূৰত্ব মানি চলাচল কৰিব পাৰিব। বৰ্তমানেও ৰাজহুৱা স্থানত বিবাহৰ অনুমতি প্ৰদান কৰা হোৱা নাই। ক’ৰ্ট মেৰেজ বা ঘৰত বিবাহৰ অনুমতি প্ৰদান কৰিছে যদিও কেৱল ২০ গৰাকী অতিথিহে উপস্থিত থাকিব পাৰিব। ক্ৰমাগতভাৱে আনলক প্ৰক্ৰিয়া আৰম্ভ হ’লেও বৰ্তমানেও জাৰি আছে কিছু নিৰ্দেশনা। ২৮ জুনৰ পুৱা ৫ বজা পৰ্যন্ত বন্ধ থাকিব এইসমূহ প্ৰতিষ্ঠান-
- সকলো স্কুল, কলেজ আৰু শৈক্ষিক প্ৰতিষ্ঠান।
- সামাজিক, ৰাজনৈতিক, সাংস্কৃতিক আৰু ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব।
- ছুইমিং পুল, ষ্টেডিয়াম, স্পৰ্টচ কমপ্লেক্স আদি
- চিনেমা হল, স্পা আৰু জিম সম্পূৰ্ণৰূপে বন্ধ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ