অসম লাইভ ২৪ঃ মণিপুৰ আৰু মিজোৰামত ক’ৰোনা ভাইৰাছৰ ডেল্টা প্ৰজাতিৰ অৱস্থিতি চিনাক্ত। সমগ্ৰ দেশত ক’ৰোনাৰ দ্বিতীয় ঢৌৰ ভয়াৱহতাৰ সৃষ্টি কৰিছিল এই ডেল্টা ভেৰিয়েণ্টে। উত্তৰ-পূবৰ দুখন ৰাজ্যত শেহতীয়াকৈ ধৰা পৰিছে এইবিধ ভাৰতীয় প্ৰজাতি ডেল্টা প্ৰজাতিৰ অৱস্থিতি। ইতিমধ্যে মণিপুৰ পৰা ২০ টা নমুনা প্ৰেৰণ কৰা হৈছে হায়দৰাবাদ পৰীক্ষাগাৰলৈ। ২০ টা নমুনাৰ ১৮ টা নমুনাত ধৰা পৰিছে এই ভাইৰাছ। মিজোৰামৰ পৰা প্ৰেৰণ কৰা ৪টা নমুনাত ধৰা পৰিছে ডেল্টা ভে’ৰিয়েণ্টৰ অৱস্থিতি। মিজোৰামৰ আইজল জিলাত চাৰিগৰাকী ব্যক্তিৰ দেহত সংক্ৰমণ হৈছে ডেল্টা ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থাৰ বিজ্ঞানী সৌম্য স্বামীনাথনে বিশ্বব্যাপী এই ভেৰিয়েণ্ট সংক্ৰমণৰ সম্ভাৱনা ব্যক্ত কৰিছে। এই সতৰ্কবাণীৰ পাছতে অসমত বিশেষ ভেকচিনেচন অভিযানৰ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগক। ডায়েবেটিচ, কেন্সাৰ আদিৰ দৰে গুৰুতৰ ৰোগত আক্ৰান্ত ৰোগীৰ ক্ষেত্ৰত এই ব্যৱস্থা গ্ৰহণৰ আহ্বান জনাইছে অসম চৰকাৰে। কেন্দ্ৰীয় চৰকাৰেও পত্ৰযোগে ৰাজ্যসমূহলৈ এই সন্দৰ্ভত নিৰ্দেশনা জাৰি কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ