অসম লাইভ ২৪ঃ ২০১৬ চনৰ নৱেম্বৰ মাহৰ এটা সন্ধিয়া হঠাতেই প্ৰধানমন্ত্ৰী মোদীয়ে কৰিছিল এটা বিশেষ ঘোষণা। ৫০০ আৰু ১০০০ টকীয়া নোট দেশত নচলিব। ২০১৬ চনৰ সেই দিনটো আছিল ৮ নৱেম্বৰ। অৰ্থাৎ ৬ বছৰ পূৰ্বে ৮ নৱেম্বৰৰ দিনটোতে প্রধানমন্ত্ৰীগৰাকীয়ে বিমূদ্ৰাকৰণৰ কথা ঘোষণা কৰিছিল। দুৰ্নীতি আৰু ক’লা ধনৰ ব্যৱহাৰ হ্ৰাস কৰিবলৈকে এই ব্যৱস্থা কৰা হৈছে বুলিও প্ৰকাশ কৰিছিল প্ৰধানমন্ত্ৰীগৰাকীয়ে। কিন্তু ভাৰতীয় ৰিজাৰ্ভ বেংকে সাম্প্ৰতিক সময়ত প্ৰকাশ কৰা প্ৰতিবেদনে দিছে অন্য এক তথ্য। ৰিজাৰ্ভ বেংকৰ প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী বৰ্তমানো দেশৰ বহুলোকৰ হাতত আছে বহুপৰিমানৰ ধন। বিমূদ্ৰাকৰণৰ চাৰিদিন পূৰ্বে অৰ্থাৎ ৪ নৱেম্বৰত ভাৰতৰ জনতাৰ হাতত আছিল নগদ ১৭.৭ লাখ কোটি টকা। আৰু এই বৰ্ষৰ অক্টোবৰৰ ২১ তাৰিখে ভাৰতৰ জনতাৰ হাতত এই ধন বৃদ্ধি হৈ হৈছেগৈ ৩০.৮৮ লাখ কোটি টকা। ৬ বছৰৰ ভিতৰত এই ধন ৭১.৮৪ শতাংশলৈ বৃদ্ধিহে হৈছে।
মোদী চৰকাৰৰ বিমূদ্ৰাকৰণৰ সিদ্ধান্ত সম্পূৰ্ণ অবৈজ্ঞানিক বুলি বহুসময়তে একাংশ অৰ্থনীতিবিদে মন্তব্য কৰি আহিছে। নোট বাতিলৰ এই প্ৰক্ৰিয়াত কোনো লাভজনক দিশ পৰিস্ফুত নোহোৱাৰ বাবে এতিয়া চৰকাৰে ডিজিটেল মূদ্ৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। কৰ’না কালৰ পৰা অনলাইন বেংকিংৰ হাৰ দেশত বৃদ্ধি হৈছে। ৰিজাৰ্ভ বেংকে ২০১৯ চনত প্ৰকাশ কৰা এক সমীক্ষাত উল্লেখ থকা অনুযায়ী, ‘অৰ্থনীতিৰ অগ্ৰগতিৰ সৈতে সংগতি ৰাখি মুঠ আভ্যন্তৰীণ উৎপাদনৰ অনুপাতে বজাৰত নগদ টকাৰ ব্যৱহাৰ বাঢ়িছে।’ ইয়াৰোপৰি তেওঁলোকৰ প্ৰতিবেদনত উল্লেখ থকা অনুযায়ী কোনো নিৰ্দিষ্ট সময়ৰ অনুপাতে জিডিপিৰ অনুপাতে ডিজিটেল লেনদেনৰ ব্যৱহাৰ বৃদ্ধি পোৱা মানেই নগদৰ বাৱহাৰৰ অনুপাত হ্ৰাস হোৱা নুবুজায়।
ষ্টেট বেংক অৱ ইণ্ডিয়াই প্ৰকাশ কৰা প্ৰতিবেদনেও দিছে ভয়ংকৰ তথ্য। এছবিআইৰ সমীক্ষাত প্ৰকাশ পোৱা অনুযায়ী, ‘এইবাৰ দীপাৱলীৰ বজাৰত নগদ ধনৰ ব্যৱহাৰ ৭৬০০কোটি টকালৈ হ্ৰাস হৈছে।’ অৰ্থাৎ প্ৰযুক্তিৰ অগ্ৰগতি আৰু স্মাৰ্টফোনৰ ওপৰত নিৰ্ভৰশীল আৰ্থিক লেনদেন দেশত বৃদ্ধি পাইছে। বিগত বছৰকেইটাত সাধাৰণ জনতাৰ হাতত নগদ ধনৰ সঞ্চয় বৃদ্ধি হৈছে। বহুতৰে মতে ইয়াৰ এক কাৰণ হৈছে লকডাউন। সেই সময়ত নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ লগতে ধনো মানুহে হাতত ৰাখিছিল। দেশৰ প্ৰায় ১৫ কোটি মানুহৰ আজিও বেংক একাউণ্ট নাই। তেওঁলোকেও নহদ সঞ্চয়ৰ ওপৰতেই গুৰুত্ব দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ