অসম লাইভ ২৪ঃ কোভিডমুক্ত হৈয়ে সলনি কৰক টুথব্ৰাছ অন্যথা পুনৰ আক্ৰান্ত হ’ব পাৰে কোভিডত। কোভিড মুক্ত হোৱাৰ পাছতো পুৰণি টুথব্ৰাছ ব্যৱহাৰৰ ফলত এই ভাইৰাছত পুনৰ আক্ৰান্ত হোৱাৰ আশংকাৰ কথা প্ৰকাশ কৰিছে চিকিৎসকসকলে। ইণ্ডিয়া টুডেৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বিশিষ্ট দন্ত চিকিৎসক ডাঃ প্ৰবেশ মেহৰাই প্ৰকাশ কৰিছে এই কথা। কোভিড আক্ৰান্ত ব্যক্তিয়ে কাঁহ মৰা, হাচিওৱা বা কথা পাতোতেও সংক্ৰমণ হ’ব পাৰে কোভিড ভাইৰাছ। বিশ্ব স্বাস্থ্য সংস্থাৰ আৰু বিশেষজ্ঞসকল মতে, বতাহত সংক্ৰমণ হয় এই ভাইৰাছ। ব্যক্তিৰ শৰীৰৰ পৰা ওলাই ভাইৰাছ কিছু সময়লৈকে বায়ুত বিদ্যমান হৈ থাকে। গতিকে, টুথব্ৰাছ ভালকৈ পৰিষ্কাৰ কৰাৰ পাছতো এই ভাইৰাছ বায়ুত ৰৈ যায় যাৰ ফলত অন্য লোক আক্ৰান্ত হোৱাৰ সম্ভাৱনা থাকে। সেয়ে চিকিৎসক তথা বিশেষজ্ঞসকলে টুথব্ৰাছ সলনি কৰা অথবা শীঘ্ৰেই বীজানুমুক্ত কৰাৰ পৰামৰ্শ আগবঢ়াইছে কোভিড আক্ৰান্ত ব্যক্তিক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ