প্ৰায় নিশ্চিত ! দেবেন্দ্ৰ ফাড়নবীচেই হ’ব মহাৰাষ্ট্ৰৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী
হেমন্ত সোৰেণেই ঝাৰখণ্ডৰ মুখ্যমন্ত্ৰী চূড়ান্ত হোৱাৰ পাছত বহুতৰে মনত প্ৰশ্ন আছিল মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী কোন হব। কিয়নো মহাৰাষ্ট্ৰত মিত্ৰজোঁটৰ জয় তাতে আৰু তিনিজনকৈ শক্তিশালী নেতা। অৱশেষত যেন সকলো ঠিক হোৱাৰ দিশে। মুখ্যমন্ত্ৰীৰ পদত অধিস্থিত হোৱাৰ সম্ভাৱনা দেবেন্দ্ৰ ফাড়নবীচেই। উপ-মুখ্যমন্ত্ৰীৰ পদত থাকিব একেলগে অজিত পাৱাৰ আৰু একনাথ চিণ্ডে।
গোপন সূত্ৰে প্ৰকাশ পাইছে এই খবৰ। আজি অনুষ্ঠিত হোৱা এক বৈঠকতে এই সিদ্ধান্ত লোৱাৰ খবৰ প্ৰকাশ। সকলোৱে একমত হৈছে ফাড়নবীচ মুখ্যমন্ত্ৰী হোৱাৰ সিদ্ধান্তত। একনাথ সিন্দেৰ বালী শিৱসেনা আৰু অজিত পাৱাৰৰ ৰাষ্ট্ৰবাদী কংগ্ৰেছ পাৰ্টী (এনচিপি)য়েও সহাৰি জনাইছে।
লগতে ইয়াকো জানিব পৰা গৈছে যে, – কেবিনেটৰ গৃহ, বিত্ত, নগৰীয়া বিকাশৰ দৰে ৪ শীৰ্ষ বিভাগ বিজেপিয়ে নিজৰ লগত ৰাখিব। আনহাতে বাকি সমূহ বিভাগ এনচিপি আৰু বালী শিৱসেনাৰ মাজত ভগাই দিব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ