হঠাৎ কেন্দ্ৰীয় ডেপুটেশ্যনলৈ সাজু অসম আৰক্ষীৰ সঞ্চালক প্ৰধান জি পি সিং৷ জি পি সিং CRPFৰ পৰৱৰ্তী DG হোৱাৰ সম্ভাৱনা৷ ৩১ ডিচেম্বৰত ১৯৮৮ বৰ্ষৰ IPS অনিশ দয়াল সিঙে অৱসৰ গ্ৰহণ কৰিব৷ CRPFৰ DG অনিশ দয়াল সিঙৰ স্থানত DGহ’বলৈ আগবাঢ়িছে ১৯৯১ চনৰ IPS জি পি সিং৷
CRPFৰ পৰৱৰ্তী DG নিযুক্তিৰ ক্ষেত্ৰত ইতিমধ্যে কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ৰ প্ৰস্তুতি সম্পন্ন৷ দেশৰ সৰ্ববৃহৎ অৰ্ধসামৰিক বাহিনীটোৰ মুৰব্বী পদৰ পৰা অনিশ দয়াল সিঙৰ অৱসৰৰ দিনটোতে নতুন মুৰব্বীৰ নিযুক্তি দিব কেন্দ্ৰীয় গৃহমন্ত্ৰালয়ে৷এইক্ষেত্ৰত “Appointments Committee of the Cabinet“ এ অনুমোদন জনাব CRPF ৰ পৰৱৰ্তী DGৰ নাম৷
ইয়াৰ বাবে পূৰ্বে NIA, SPGত দক্ষতাৰে কৰ্তব্য সমাপন কৰি বৰ্তমানে অসম আৰক্ষীৰ সঞ্চালক প্ৰধান হিচাপে কাৰ্য নিৰ্বাহ কৰি থকা জি পি সিঙৰ হাততেই কেন্দ্ৰীয় চৰকাৰে CRPFৰ পৰৱৰ্তী DGৰ দায়িত্ব ভাৰ অৰ্পণৰ পূৰ্ণ সম্ভাৱনা৷ সন্ধিক্ষণত জি পি সিঙৰ স্থানত তথা অসম আৰক্ষীৰ সঞ্চালক প্ৰধান পদত নিযুক্তি দিয়াৰ বাবে আনএক পেনেল প্ৰস্তুত ৰাজ্যৰ গৃহ বিভাগৰ৷ প্ৰস্তুত কৰিছে অসম আৰক্ষীৰ DGP নিযুক্তিৰ বাবে ৫ জনীয়া পেনেল৷ অসম-মেঘালয় বেটছৰ শীৰ্ষ পাঁচ IPS বিষয়াক লৈ প্ৰস্তুত এই পেনেল৷
গৃহ বিভাগৰ খবৰ মতে, DGPৰ পেনেলত নাম সন্নিৱিষ্ট হৈছে ১৯৯৩ বৰ্ষৰ IPS তথা Special DGP হৰমীট সিং, ১৯৯৩ বৰ্ষৰ IPS তথা BSFৰ ADG ৰাম প্ৰসাদ মীনা, ১৯৯৪ বৰ্ষৰ IPS তথা CRPFৰ ADG দীপক কুমাৰ, ১৯৯৫ বৰ্ষৰ IPS এ ৱাই ভি কৃষ্ণা আৰু ১৯৯৫ বৰ্ষৰ IPS তথা CIDৰ ADGP মুন্না প্ৰসাদ গুপ্তাৰ নাম৷
এই পাঁচজনীয়া পেনেল ৰাজ্যৰ গৃহ বিভাগে UPSCলৈ প্ৰেৰণ কৰিব আৰু UPSCৰ অনুমোদন ক্ৰমে ৰাজ্য চৰকাৰে নিযুক্তি দিব অসম আৰক্ষীৰ পৰৱৰ্তী সঞ্চালক প্ৰধানক৷ দিছপুৰৰ তথ্য মতে পৰৱৰ্তী আৰক্ষী সঞ্চালক প্ৰধান পদত জ্যেষ্ঠতাৰ ভিত্তিত হৰমিত সিঙকেই ৰাজ্য চৰকাৰে নিযুক্তি দিয়াৰ পূৰ্ণ সম্ভাৱনা৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ