ডিজিটেল ডেস্কঃ এটা আজৱ, আচৰিত ঘটনা। কেৱল আজৱ বা আচৰিতেই নহয়, এগৰাকী নাৰীৰ অদম্য প্ৰসৱ বেদনাক চেল্যুট দিবলগীয়া এটা ঘটনা সংঘটিত হল ধলাত। প্ৰাপ্ত খবৰ অনুসৰি, ধলাৰ পৰা এম্বুলেন্সে ডুমডুমা FRU লৈ আনি থকাৰ সময়তে এগৰাকী মহিলাই একেলগে জন্ম দিয়ে ৪টাকৈ কন্যা সন্তান।
প্ৰাপ্ত খবৰ অনুসৰি, ধলা ন-পথাৰ গাঁৱৰ ৰঞ্জিত বেগৰ পত্নী জেলিফা বেগে চলন্ত এম্বুলেন্সতে জন্ম দিয়ে এই ৪টিকৈ নৱজাতকক। বৰ্তমান সম্পূৰ্ণৰূপে সুস্থ মহিলাসহ চাৰিটিকৈ কণ্যা শিশু। ইফালে এই ঘটনা বিয়পি পৰাৰ পাছতে এতিয়া ডুমডুমাত যথেষ্ট লোকৰ সমাগম হৈছে।
উল্লেখ কৰা প্ৰয়োজন যে, অসমত এনে ঘটনা অতিকৈ দুলৰ্ভ। এই ঘটনাক লৈ শেহতীয়াকৈ এম্বুলেন্সৰ চালক আৰু প্ৰত্যক্ষদৰ্শীও আচম্বিত হৈছে। একাংশ ৰাইজে মহিলাগৰাকীয়ে নৰ্মেলভাৱে চাৰিটি শিশুৰ জন্ম হোৱা ঘটনাক অলৌলিক বুলিও অভিহিত কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ