অসম লাইভ২৪ঃ ডিব্ৰুগড় বিশ্ববিদ্যালয়ত ভয়ংকৰ ৰেগিঙৰ ঘটনাক লৈ ৰাজ্যজুৰি প্ৰতিক্ৰিয়া। একাংশ জ্যেষ্ঠ ছাত্ৰ্ৰৰ আক্ৰমনৰ বলি আনন্দ শৰ্মা নামৰ এজন ছাত্র। গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে আনন্দ শৰ্মা ছাত্ৰজন। ৰাজহাঁড় আৰু মূৰত বেয়াকৈ আঘাত পাইছে আনন্দই। সংকটজনক অৱস্থাত ডিব্ৰুগড়ৰ আদিত্য হাস্পতালত ভৰ্তি কৰোৱা হয় ছাত্ৰজনক। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পদ্মনাথ গোহাঞি বৰুৱা ছাত্রাবাসত সংঘটিত হৈছিল এই ভয়ংকৰ ৰেগিঙৰ ঘটনা। আহত আনন্দ শৰ্মাৰ ঘৰ চৰাইদেউ জিলাৰ সোণাৰিত বুলি জানিব পৰা গৈছে। ডিব্ৰুগড় বিশ্ববিদ্যালয়ত বাণিজ্য বিভাগৰ প্ৰথম ছেমিষ্টাৰত নামভৰ্তী কৰিছিল আনন্দই।
বিশ্ববিদ্যালয়ত ৰেগিঙৰ নামত ওৰেনিশা মাৰপিট কৰি হাত–ভৰি ভাঙি দিয়াৰ অভিযোগ আনিছে আনন্দ শৰ্মাৰ মাতৃ আৰু ভগ্নীয়ে। ছাত্ৰজনৰ দুয়োখন হাতৰ লগতে ভৰি আৰু কঁকাল ভাগি যোৱা বুলি চিকিৎসকে জানিবলৈ দিছে। ইফালে, ৰেগিং কাণ্ডৰ লগত জড়িত তিনিজন ছাত্ৰক আটক কৰিছে ডিব্ৰুগড় আৰক্ষীয়ে। দেওবাৰে নিশা PNGB হোষ্টেলৰ কোঠাই কোঠাই অভিযান চলাই আৰক্ষীয়ে আটক কৰে প্ৰাণজিত বৰুৱা, নিৰঞ্জন ঠাকুৰ আৰু সীমান্ত হাজৰিকাক। মূল অভিযুক্ত ৰাহুল চেত্ৰীৰ ঘৰতো আৰক্ষীয়ে অভিযান চলাই যদিও এই মুহূৰ্তলৈকে জালত পৰা নাই ৰাহুল। সমগ্ৰ বিষয়টোত আৰক্ষীক কঠোৰ হোৱাৰ নিৰ্দেশ দিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ভুক্তভোগী আনন্দ শৰ্মা এতিয়াও সংকতজনক অৱস্থাত চিকিৎসালয়ৰ ICU-ত ভৰ্তি হৈ আছে।
ইপিনে এই সমগ্ৰ ঘটনাৰ সৈতে জড়িত ৰাহুল ছেত্ৰী ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ এটা গুৰুত্বপূৰ্ণ দায়িত্বত থকাৰ লগতে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতাসভাৰ সৈতেও ওতপ্ৰোতভাৱে জড়িত বুলি জানিব পৰা গৈছে। ৰাহুলৰ সন্ধান উলিয়াব নোৱাৰি আৰক্ষীয়ে ৰাহুল ছেত্ৰীৰ ভাতৃ ৰুবুল ছেত্ৰীক সোধপোছ অব্যাহত ৰাখিছে। লেখাপানী আৰক্ষীয়ে পুৱা সোধা–পোছাৰ বাবে থানালৈ লৈ যায় ৰাহুলৰ ভাতৃ ৰুবুল ছেত্ৰীক। লেখাপানী থানাৰ অন্তৰ্গত ৩নং উদয়পুৰ কুঁহিয়াৰবাৰীত ঘৰ ৰাহুল ছেত্ৰীৰ। বৰ্তমানলৈ ৰেগিঙত জড়িত ১৮ ছাত্ৰক বাধ্যতামূলকভাৱে বহিষ্কাৰ কৰা হৈছে PNGB হোষ্টেলৰ পৰা।
উল্লেখ্য যে, ডিব্ৰুগড় বিশ্ববিদ্যালয়ত সংঘটিত হোৱা ভয়ংকৰ ৰেগিঙৰ ঘটনাই জোকাৰি গৈছে সমগ্ৰ ৰাজ্য। কেৱল আনন্দই নহয় অন্য আৰু দুই ছাত্র ৰেগিঙৰ বলি হৈছিল এই ছাত্ৰ নিৱাসত। ইফালে অইন দুজন ছাত্ৰ জ্যোতিষ কুমাৰ কলিতা আৰু উজ্জ্বল কুমাৰ কলিতা নামৰ দুজন ছাত্ৰকো এটা কোঠাত আবদ্ধ কৰি নিৰ্মম অত্যাচাৰ চলাইছিল বুলি জানিব পৰা গৈছে। দুয়োকে উদ্ধাৰ কৰি বিশ্ববিদ্যালয় কৰ্তৃপক্ষই চিকিৎসা কৰাই অতিথি গৃহত নিশা সুৰক্ষাৰ কাৰণে ৰখা বুলিও উল্লেখ কৰিছে কৰ্তৃপক্ষই। প্ৰায় ৪ মাহ ধৰি বিশ্ববিদ্যালয়ৰ PNGB ছাত্ৰাৱাসত ৰেগিং কাণ্ড চলি অহাৰো অভিযোগ উত্থাপিত হৈছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ