অসম লাইভ ২৪ঃ উজনি অসমৰ উচ্চ শিক্ষাৰ প্ৰাণকেন্দ্ৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড০ ৰঞ্জিত তামুলী পুনৰবাৰ সোমাই পৰিছে বিতৰ্কৰ আৱৰ্তত। উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছে বিত্তীয় অনিয়মৰ অভিযোগ। কিছুদিনৰ পূৰ্বে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলে কৰিছিল আন্দোলন। আনহাতে বুধবাৰে বিশ্ববিদ্যালয়খনৰ ডীন, শিক্ষক সমাজ আৰু বিষয়া-কৰ্মচাৰীয়ে উপাচাৰ্যগৰাকীৰ বিৰুদ্ধে বিশ্ববিদ্যালয়ৰ মুখ্যদ্বাৰত সাব্যস্ত কৰে প্ৰতিবাদ।
আনহাতে, বিশ্ববিদ্যালয়খনত হোৱা ৰাজহুৱা পুঁজিৰ অপব্যৱহাৰৰ তদন্তৰ বাবে ৰাজ্যপালৰ হস্তক্ষেপ বিচাৰি পত্ৰ প্ৰেৰণ কৰিলে বিশ্ববিদ্যালয়খনৰ ক’ৰ্ট কমিটীৰ সদস্য তথা বিধায়ক ঋতুপৰ্ণ বৰুৱাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ