অসম লাইভ ২৪ঃ হিন্দী বোলছবি জগতৰ দ্বিগজ অভিনেতা দিলীপ কুমাৰৰ স্বাস্থ্যৰ অৱনতি ঘটিছে। যাৰ বাবে তেওঁক ভৰ্তি কৰাব লগীয়া হৈছে মুম্বাইৰ হিন্দুজা হাস্পতালত। বিগত কিছুদিন ধৰি উশাহ লোৱাৰ সমস্যাত ভুগিছিল অভিনেতাগৰাকী। সম্প্ৰতি অভিনেতাগৰাকীৰ বয়স ৯৮ বছৰ। ক’ৰোনাৰ সময়ছোৱাত তেওঁক বিশেষ সাৱধানতাৰে চিকিৎসা কৰিছে হাস্পতালৰ চিকিৎসকে। উল্লেখযোগ্য যে এমাহ পূৰ্বেও অভিনেতাগৰাকী চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। কিছুদিন পিছত তেওঁৰ ৰিপ’ৰ্ট ঠিক অহাত ঘৰলৈ যাবলৈ অনুমতি দিছিল চিকিৎসকে। কিন্তু শনিবাৰে তেওঁৰ স্বাস্থ্যৰ অৱনতি ঘটাত পুনৰ তেওঁক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ