অসম লাইভ ২৪ঃ বলীউডৰ প্ৰখ্যাত অভিনেতা দিলীপ কুমাৰৰ দেহাৱসান। বুধবাৰে পুৱা ৯৮ বছৰ বয়সত মুম্বাইৰ হিন্দুজা হাস্পতালত শেষ নিশ্বাস ত্যাগ কৰে অভিনেতা গৰাকীয়ে। শ্বাস-প্ৰশ্বাসজনিত সমস্যাৰ বাবে বিগত ২৯ জুনৰ পৰা চিকিৎসাধীন আছিল বৰ্ষীয়ান অভিনেতাগৰাকী। বলীউডৰ ট্ৰেজেডি কিং হিচাপে খ্যাত দিলীপ কুমাৰৰ মৃত্যুত শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ বলীউড জগত। অভিনেতাগৰাকীৰ মৃত্যুত শোক প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। টুইটযোগে বিভিন্নজনে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে দিলীপ কুমাৰক। প্ৰধানমন্ত্ৰী মোদীয়ে টুইটযোগে কয়, ‘দিলীপ কুমাৰৰ দেহাৱসান সাংস্কৃতিক জগতৰ বাবে এক অপূৰণীয় ক্ষতি। তেওঁৰ পৰিয়াল, বন্ধুবৰ্গ আৰু অমুৰাগীসকললৈ সমবেদনা জ্ঞাপন কৰিলো। দিলীপ কুমাৰজীক চলচ্চিত্ৰ জগতৰ এগৰাকী মহান ব্যক্তি হিচাপে স্মৰণ কৰা হ’ব। তেওঁ অনন্য প্ৰতিভাৰে আশীৰ্বাদপুষ্ট আছিল, যাৰ বাবে প্ৰজন্মই তেওঁক ভালপাইছিল। তেওঁৰ মহাপ্ৰয়ান আমাৰ সাংস্কৃতিক জগতৰ বাবে বৃহৎ ক্ষতি’। আজি বিয়লি ৫ বজাত মুম্বাইৰ জুহু কবৰস্থানত কবৰ দিয়া হ’ব কিংম্বদন্তী অভিনেতাগৰাকীক। তেখেতৰ মৃত্যুৰ খবৰে শোকত ম্ৰিয়মান কৰি তুলিছে প্ৰতিগৰাকী অনুৰাগীক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ