দুৰ্নীতিৰ বিৰুদ্ধে বাতৰি সংগ্ৰহ কৰিবলৈ গৈ গ্ৰেপ্তাৰ হ’ল জ্যেষ্ঠ সাংবাদিক দিলোৱাৰ হুছেইন মজুমদাৰ। প্ৰায় ১০ ঘণ্টা সময় সোধা-পোছাৰ অন্তত নিশা সাংবাদিক দিলৱাৰ হুছেইন মজুমদাৰক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে। সাংবাদিক জনৰ বিৰুদ্ধে ৰুজু হৈছে ভাৰতীয় ন্যায় সংহিতাৰ ৩৫১(২) আৰু অনুসূচীত জাতি আৰু জনজাতি (নিৰ্যাতন প্ৰতিৰোধী)আইনৰ অধীনৰ ৩(১)(r) নম্বৰ ধাৰাৰ গোচৰ। অৱশ্যে এই পৰ্য্যন্ত গোচৰীয়া কোন জানিব পৰা হোৱা নাই। Arrest Memo ত লিখা অনুযায়ী “….জাতি হৈ তুমি বেছি কৰা” বুলি গোচৰীয়াক অপমান কৰি জামিন অযোগ্য অপৰাধ কৰিছে সাংবাদিক জনে।
সাংবাদিক দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰাক লৈ সামাজিক মাধ্যমত প্ৰশ্ন কৰিছে বহুজনে। দিলোৱাৰ হুছেইনক গ্ৰেপ্তাৰক লৈ শেহতীয়াকৈ বিশেষ পোষ্ট দিছে কণ্ঠশিল্পী দীপলিনা ডেকাইয়ো।
দীপলিনাই লিখিছে- শিক্ষকে শিক্ষকতা কৰে, চিকিৎসকে চিকিৎসা, আমি গান গোৱা-অভিনয় কৰা সকলে নিজৰ মাধ্যমত নিজৰ কাম কৰোঁ। কিন্তু এজন সাংবাদিকে সাংবাদিকতা কৰাৰ বাবেই তেওঁ গ্ৰেপ্তাৰ হ’ব লগীয়া হৈছে বুলি বাতৰি যোগে জানিব পাৰিছোঁ। যদি সেয়াই হয়, আচৰিত হৈছোঁ! প্ৰশ্ন কৰাটো যদি অপৰাধ হয়, গণতন্ত্ৰেই শাস্তি ভুগে

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ