ডিজিটেল ডেস্কঃ উচ্চ পদস্থ বিষয়া হ’লে যেতিয়াই যি মন যায়, তাকেই কৰিব পাৰি নেকি! এগৰাকী সাংবাদিকক নিজা কেবিনত ভৰাই প্ৰহাৰ কৰাৰ ক্ষমতা জিলা আয়ুক্তক কোনে দিলে! এইসমূহ প্ৰশ্নৰ উত্তৰ ৰাজ্য চৰকাৰ তথা মুখ্যমন্ত্ৰীয়ে দিবই লাগিব। এগৰাকী সাধাৰণ নাগৰিকক সহায় কৰা প্ৰক্ৰিয়াটোত কি ভুলৰ বাবে এন বি নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক শাৰিৰিকভাৱে প্ৰহাৰ কৰাৰ লগতে ১০জনৰ আগত অপদস্থ কৰা হ’ল! সেই প্ৰশ্নৰ উত্তৰো এতিয়া সমগ্ৰ ৰাজ্যৰ সাংবাদিকৰ লগতে সচতেন মহলে বিচাৰিছে।
এগৰাকী ৬২বছৰীয়া বয়োজ্যেষ্ঠ মহিলাই বহুদিনৰে পৰা পেঞ্চন সংক্ৰান্তীয় কামত তাঁত-বাতি কাঢ়ি আছিল নগাঁৱৰ আয়ুক্ত ভৱনলৈ। প্ৰতিদিনেই ন ন অজুহাতত হোৱা নাছিল বয়োজ্যেষ্ঠ মহিলাগৰাকীৰ পেঞ্চনৰ কাম। ৰাজ্য চৰকাৰৰ কেবিনেট মন্ত্ৰী যোগেন মহনে ২০২৩ৰ ডিচেম্বৰতে এই কামটো সমাপন কৰিবলৈ এক লিখিত আবেদন মহিলাগৰাকীৰ জৰিয়তে নগাঁৱৰ আয়ুক্ত ভৱনলৈ প্ৰেৰণ কৰিছিল।
কিন্তু ক্ষমতাৰ ৰাগীত মত্ত হৈ থকা অনা-অসমীয়া বিষয়াগৰাকীয়ে মহিলাগৰাকীক পুনৰ তাৰিখৰ পিছত তাৰিখ দি এপ্ৰকাৰৰ ব্যতিব্যস্ত কৰি আছিল। উক্ত সমগ্ৰ ঘটনাটো মহিলাগৰাকীয়ে এন বি নিউজৰ জ্যেষ্ঠ সাংবাদিক দীপাংকৰ মেধিক জনাইছিল আৰু সহায় বিচাৰিছিল। মহিলাগৰাকীক সহায় কৰিবলৈ হৈয়ে এনেদৰে শাৰিৰিক আৰু মানসিকভাৱে অপদস্থ হব লগা হল জ্যেষ্ঠ সাংবাদিকগৰাকী।
আনক সহায় কৰিবলৈ যোৱা সাংবাদিকগৰাকীক অপৰাধীৰ দৰে প্ৰায় ১০জনকৈ আৰক্ষীয়ে ঘেৰি লৈ যায় থানালৈ। তাৰ পিছতে মানসিক হাৰাশাস্তিৰে এক অশান্তিকৰ পৰিৱেশৰ সৃষ্টি কৰে আৰক্ষীয়ে। এই ঘটনাক লৈ এতিয়া সমগ্ৰ ৰাজ্যতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ৰাজ্যৰ ভিন্ন সাংবাদিক দল-সংগঠনে উক্ত বিষয়টোক তীব্ৰ গৰিহনা প্ৰদান কৰে আৰু সমস্ত ঘটনাৰ তদন্ত কৰিবলৈ মুখ্যমন্ত্ৰীক আহ্বান জনায়।
ইতিমধ্যে এন বি নিউজৰ তৰফৰ পৰাও এই বিষয়টোক লৈ তীব্ৰ ক্ষোভ কৰিছে। মুখ্য সম্পাদক অতনু ভূঞাই এই ঘটনাটোক দুভাগ্যজনক আখ্যা দি মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ আশা কৰিছে। এগৰাকী অনা অসমীয়া বিষয়াৰ প্ৰতি ৰাজ্য চৰকাৰৰ ইমান দৰদ কিয় বুলিও প্ৰশ্ন কৰে তেওঁ। মুখ্য সম্পাদকগৰাকীয়ে প্ৰয়োজনত এই ঘটনাক লৈ আইনৰ কাষ চপা হব বুলিও মত প্ৰকাশ কৰে।
এতিয়া সময়েহে ক’ব ক্ষমতাৰ ৰাগীত মত্ত হৈ এনে নিকৃষ্ট কাম কৰা নগাঁৱৰ আয়ুক্ত নৰেন্দ্ৰ কুমাৰ শ্বাহ ৰ বিৰুদ্ধে কি ব্যৱস্থা গ্ৰহণ কৰে মুখ্যমন্ত্ৰী তথা ৰাজ্য চৰকাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ