লিচু খাই ভাল পাই নেকি, পাছে এই ৪ ব্যক্তিয়ে লিচুৰ পৰা আঁতৰত থকাই ভাল
গ্ৰীষ্মকালীন বতৰৰ ফল লিচুৰে বৰ্তমানে বজাৰ ভৰি পৰিছে। লিচু কেৱল খাবলৈ সুস্বাদু নহয় বৰঞ্চ স্বাস্থ্যৰ বাবেও অতি উপকাৰী। লিচুত পোৱা পুষ্টিকৰ উপাদানৰ কথা ক’বলৈ গ’লে ইয়াত এন্টিঅক্সিডেন্ট ভিটামিন চি আৰু ভিটামিন বি-কম্প্লেক্স প্ৰচুৰ পৰিমাণে থাকে। লিচুত পলিফিনল আৰু ফাইটোনিউট্ৰিয়েণ্ট ফ্লেভন’ইড থাকে।
লিচুত প্ৰচুৰ পৰিমাণে আঁহ আৰু ভিটামিন বি-কম্প্লেক্স, চৰ্বি, প্ৰটিন আৰু কাৰ্বহাইড্ৰেট থাকে যিবোৰ আমাৰ বিপাকীয় ক্ৰিয়াৰ বাবে অপৰিহাৰ্য। কিন্তু ইমানবোৰ পুষ্টিকৰ উপাদান থকা সত্ত্বেও লিচু সেৱন কৰাটো কিছুমান মানুহৰ বাবে ক্ষতিকাৰক হ’ব পাৰে।
হাইপ’গ্লাইচেমিয়া
লিচুৰ এনে গুণ আছে যিয়ে চেনিৰ মাত্ৰা হ্ৰাস কৰাত সহায় কৰে। কিন্তু ইয়াক অতিৰিক্তভাৱে সেৱন কৰিলে আপোনাৰ তেজত গ্লুক’জৰ মাত্ৰা হ্ৰাস পাব পাৰে। যাৰ ফলত হাইপ’গ্লাইচেমিয়াৰ সম্ভাৱনা বৃদ্ধি পাব পাৰে।
লিচুৰ গৰম প্ৰভাৱ
লিচু সোৱাদত মিঠা আৰু সুস্বাদু, কিন্তু চীনা সংস্কৃতি অনুসৰি লিচুৰ প্ৰকৃতি গৰম। গতিকে ইয়াক অতিৰিক্তভাৱে সেৱন কৰিলে নাকৰ পৰা ৰক্তক্ষৰণ, ডিঙিৰ বিষ আদি সমস্যাৰ সৃষ্টি হ’ব পাৰে।
ওজন বৃদ্ধি
যদি আপুনি ওজন কমাবলৈ চেষ্টা কৰিছে, তেন্তে অত্যধিক লিচু সেৱন কৰিলে ওজন বৃদ্ধি হ’ব পাৰে। ইয়াত উচ্চ কেলৰি থাকে, গতিকে ইয়াক অতিৰিক্তভাৱে সেৱন কৰিলে ওজন বৃদ্ধি হ’ব পাৰে।
এলাৰ্জীৰ সৃষ্টি কৰে
অত্যধিক লিচু সেৱনৰ বাবে বহু লোকৰ এলাৰ্জী হ’ব পাৰে। যেনে- খজুৱতি, ওঁঠ আৰু জিভা ফুলাৰ দৰে সমস্যাৰ সৃষ্টি হ’ব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















