‘বিগ বছ ২০’ত এইবাৰ শুনিবলৈ পোৱা গ’ল ঈশ্বৰ পুত্ৰ জুবিন গাৰ্গৰ নাম। দেশৰ অন্যতম জনপ্ৰিয় ৰিয়েলিটি শ্ব’খনত জুবিন গাৰ্গৰ সংগীত আৰু অসমৰ সৈতে তেওঁৰ গভীৰ সম্পৰ্কৰ কথাও আলোচনা হয়।‘বিগ বছ ২০’ৰ এই ছিজনটো ৬ ছেপ্টেম্বৰত আৰম্ভ হৈছে। ছলমান খানে আঁত ধৰা অনুষ্ঠানটোত বিভিন্ন ক্ষেত্ৰৰ অভিনেতা, গায়ক, খেলুৱৈ, কনটেণ্ট ক্ৰিয়েটৰ আদিয়ে অংশ লৈছে।
জুবিন গাৰ্গ কেৱল অসমৰ সংগীতশিল্পীয়েই নহয়, তেওঁৰ সৈতে অসমৰ মানুহৰ এক গভীৰ আৱেগিক সম্পৰ্ক আছে। ২০২৫ চনৰ ১৯ ছেপ্টেম্বৰত ছিংগাপুৰত তেওঁৰ মহাপ্ৰয়াণৰ পিছতো তেওঁৰ গান, চিন্তা আৰু সৃষ্টিক লৈ অসমৰ লগতে দেশৰ বিভিন্ন প্ৰান্তত চৰ্চা অব্যাহত আছে। এই পৰিপ্ৰেক্ষিততে বিগ বছ ২০ৰ ঘৰৰ কথোপকথনত জুবিন গাৰ্গৰ নাম অহাটো বিশেষ তাৎপৰ্যপূৰ্ণ। বিশেষকৈ বিগ বছৰ প্ৰতিযোগীৰ মাজতো জুবিন দাৰ নাম উচ্চাৰিত হোৱাটোৱে আকৌ এবাৰ দেখুৱাই দিলে যে তেওঁৰ সংগীতৰ পৰিসৰ কেৱল অসমৰ মাজতে সীমাবদ্ধ নাছিল। আলোচনাৰ সময়ত প্ৰতিযোগীসকলে জুবিন গাৰ্গৰ সুকীয়া কণ্ঠ, বিপুল জনপ্ৰিয়তা আৰু অসমীয়া সংগীতলৈ আগবঢ়োৱা গুৰুত্বপূৰ্ণ অৱদানৰ কথা স্মৰণ কৰে। অসমৰ মানুহে জুবিনক কিমান গভীৰভাৱে ভাল পায়, সেই বিষয়েও তেওঁলোকে আলোচনা কৰে।
এই আলোচনাত কাজী নামৰ প্ৰতিযোগীগৰাকীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয়তাৰ কথা উল্লেখ কৰি কয় যে, অসমৰ মানুহে জুবিন দাক “ভগৱানৰ দৰে পূজা কৰে”। ইয়াৰ জৰিয়তে অসমৰ মানুহৰ হৃদয়ত জুবিন গাৰ্গে লাভ কৰা বিশেষ স্থানৰ কথাটো স্পষ্ট কৰে। কাজীয়ে জুবিন গাৰ্গৰ জনপ্ৰিয় গান ‘মায়াবিনী’ আৰু ‘য়া আলী’ৰ কথাও উল্লেখ কৰে। এই গানসমূহৰ জৰিয়তে জুবিনৰ সংগীতে অসমৰ সীমা অতিক্ৰম কৰি দেশৰ বিভিন্ন প্ৰান্তৰ শ্ৰোতাৰ মাজতো কেনেদৰে পৰিচিতি লাভ কৰিছিল, সেই কথাও আলোচনাত প্ৰকাশ পায়।
অসম আৰু অসমীয়াৰ জুবিন দাৰ পৰিচয় অধিক গভীৰ। তেওঁৰ বহু গানত অসমৰ মাটি, মানুহ, প্ৰকৃতি, প্ৰেম, জীৱন আৰু সমাজৰ ছবি প্ৰতিফলিত হৈছিল। সেয়েহে তেওঁৰ গান কেৱল শুনাৰ বিষয় নহৈ বহু লোকৰ বাবে নিজৰ জীৱনৰ সৈতে জড়িত স্মৃতিৰ অংশ হৈ পৰিছিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

















