ছচিয়েল মিডিয়াত ভাইৰেল চণ্ডীগড়ৰ এক ঔষধ প্ৰস্তুতকাৰী সংস্থাৰ মালিকৰ ভিডিঅ’৷ ভিডিঅ’ দেখি অবাক হৈছে নেটিজেনো৷ বহুতে হতাশাতো ভূগিছে৷ ভাইৰেল ভিডিঅ’ত দেখা গৈছে MITS গ্ৰুপ নামৰ সেই সংস্থাৰ প্ৰতিষ্ঠাতা তথা চেয়াৰমেন এম কে ভাটিয়াই তেওঁৰ ৫১ জন কৰ্মীৰ হাতত একোখনকৈ বাহনৰ চাবি তুলি দিছে৷ প্ৰত্যেকেই লাভ কৰিছে এখনকৈ স্কৰ্পিঅ’ বাহন৷
সংবাদসংস্থা দৈনিক ভাস্কৰৰ প্ৰতিবেদন অনুসৰি MITS গ্ৰুপে তেওঁলোকৰ দক্ষ কৰ্মচাৰীক দিছে এখনকৈ বিলাসী এছ ইউ ভি৷ চণ্ডীগড়ৰ অফিচত অত্যন্ত ধুমধামেৰে দেৱালী চেলিব্ৰেট কৰিছে সেই সংস্থাৰ কৰ্মচাৰীয়ে৷ ভাটিয়াৰ অসাধাৰণ গীফ্টৰ বাবে তেওঁৰ কৰ্মচাৰীসকলে কৃতজ্ঞতা প্ৰকাশ কৰিছে৷ তেওঁৰ এই সিদ্ধান্তৰ আঁৰত আছে তেওঁৰ কষ্টকৰ যাত্ৰা৷ তেওঁ নিজৰ যাত্ৰাৰ আৰম্ভণিতে কঠিন সময়ৰ মোকাবিলা কৰিবলগা হৈছিল৷ আজি MITS গ্ৰুপৰ গৰ্বিত প্ৰতিষ্ঠাতা আৰু চেয়াৰমেন হিচাপে ঠিয় হৈ থকা ভাটিয়াই ২০০২ চনত দেউলীয়াও হৈছিল৷ কিন্তু তেওঁ ৰৈ নগ’ল৷
নিজৰ বুদ্ধিৰে ভাটিয়াই ২০১৫ চনৰ পৰা MITSত সাফল্য লাভ কৰি আজি তেওঁৰ নামত প্ৰায় ১২ টাতকৈ বেছি কোম্পানী আছে৷ ৰিয়ানাৰ পঞ্চকুলা জিলাৰ পৰা অহা ভাটিয়াই ভাৰতৰ বিভিন্ন ৰাজ্যত MITS গ্ৰুপৰ সম্প্ৰসাৰণৰ পথত আগুৱাইছে৷ আনকি বিদেশতো তেওঁ নিজৰ কোম্পানী সম্প্ৰসাৰণৰ কাম আগুৱাই নিছে৷ ইতিমধ্যেই তেওঁলোকে কানাডা, লণ্ডন, ডুবাইৰো লাইছেন্স লাভ কৰাৰ কথা সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ