গ্ৰহৰ স্থান পৰিবৰ্তন কৰা নতুন কোনো বিষয় নহয়৷ যেতিয়া গ্ৰহৰ স্থান পৰিবৰ্তন হয় তেতিয়া কোনোবা নহয় কোনোবা ৰাশিত গোচৰ কৰে বা এক ৰাশি এৰি অন্য ৰাশিত প্ৰৱেশ কৰে, তাৰ প্ৰভাৱ পৰে সকলো ৰাশিৰ জাতকৰ ওপৰত৷ আগন্তুক ২৮ তাৰিখে ঘটিব তেনে কোনো ঘটনা৷ নিজৰ স্থান পৰিবৰ্তন কৰিব শুক্ৰই৷ চিত্ৰা নক্ষত্ৰত প্ৰৱেশ কৰিব শুক্ৰই৷ যাৰ প্ৰভাৱ পৰিব ৪ ৰাশিৰ ওপৰত৷ ডাঙৰ পৰিবৰ্তন আহিব ৪ ৰাশিৰ জীৱনত৷ পৰিবৰ্তন শুভ দিশতেই হ’ব৷ লাভৱান হ’ব ৪ ৰাশি৷ কোন ৪ ৰাশিৰ ভাগ্য সলনি হ’ব?
মেষ ৰাশিৰ জীৱনত কি ঘটিব?
শুক্ৰৰ গোচৰত ২৮ তাৰিখৰ পৰাই জীৱনলৈ সুদিন আহিব মেষ ৰাশিৰ জাতকৰ৷ এই গোচৰত লাভবান হ’ব মেষ ৰাশিৰ জাতক৷ বিশেষ বিস্তাৰৰ সুযোগ আহিব ব্যৱসায়ীৰ বাবে৷ সম্পৰ্ক বা পৰিয়ালৰ বাবে ভাল হ’ব৷ সম্পৰ্কৰ দীৰ্ঘদিনৰ জট দূৰ হ’ব এই সময়ত৷ উন্নতিৰ সুযোগো আহিব৷ কেৰিয়াৰত ভাল উন্নতি দেখা যাব ২৮ তাৰিখৰ পাছত৷ অৰ্থলাভ হ’ব পাৰে৷ চাকৰিয়ালৰ পদোন্নতিৰ যোগ আছে৷
বৃষ ৰাশিৰ জাতকৰ বাবে কি খবৰে অপেক্ষা কৰিছে?
ডাঙৰ পৰিবৰ্তন আহিব পাৰে বৃষ ৰাশিৰ জাতকৰ জীৱনত৷ খুলি যাব সৌভাগ্যৰ দ্বাৰ৷ জীৱনত বিলাসিতা বৃদ্ধি পাব পাৰে৷ অৰ্থপ্ৰাপ্তিৰ যোগ আছে৷ এনো কোনো স্থানৰ পৰা ৰোজগাৰ হ’ব যি আপোনাৰ প্ৰত্যাশাৰ বাহিৰত৷
তুলা ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন আহিব?
শুক্ৰৰ গোচৰৰ পাছৰে পৰাই সলনি হ’ব তুলা ৰাশিৰ জাতকৰ জীৱন৷ চৰম থাকিব আত্মবিশ্বাস৷ সুখবৰ পাব পাৰে প্ৰেমৰ সম্পৰ্কৰ ক্ষেত্ৰতো৷ মনৰ মানুহৰ সৈতে বিবাহৰ যোগ আছে৷ কেৰিয়াৰত ডাঙৰ সুযোগ আহিব পাৰে৷ অৰ্থলাভৰ সুযোগ আছে৷ নতুন সম্পত্তি ক্ৰয় কৰিব পাৰে৷
বৃশ্চিক ৰাশিৰ জীৱনলৈ কি কি পৰিবৰ্তন?
চিত্ৰা নক্ষত্ৰত শুক্ৰৰ প্ৰৱেশত সৰ্বাধিক লাভৱান হোৱাৰ সম্ভাৱনা আছে বৃশ্চিক ৰাশিৰ জাতকৰ৷ সকলো কামতে ভাগ্যৰ সহায় পাব৷ দীৰ্ঘদিন ৰৈ থকা কাম সম্পূৰ্ণ হব৷ মুক্তি পাব পাৰে পুৰণি কোনো সমস্যাৰ পৰা৷ বহুদিন ধৰি ৰৈ থকা ধন এই সময়ত হাতলৈ আহিব পাৰে৷ নতুন চাকৰিৰ প্ৰস্তাৱ পাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















