আজি শুকুৰবাৰে কৰক এই কাম প্ৰসন্ন হ’ব দেৱী লক্ষ্মী, লাভ কৰিব চমৎকাৰী ফল
শুকুৰবাৰৰ দিনটো দেৱী লক্ষ্মীক উৎসৰ্গা কৰা হয়। যদি আপুনি দেৱী লক্ষ্মীৰ পৰা আশীৰ্বাদ, ধন-সম্পত্তি, সৌভাগ্য আৰু সমৃদ্ধি বিচাৰে তেন্তে শুকুৰবাৰ এটা বিশেষ দিন।
সেয়েহে শুকুৰবাৰে মানুহে বিশেষভাৱে উপবাসে দেৱী বৈভৱ লক্ষ্মীক পূজা কৰে। যাতে তেওঁলোকে লক্ষ্মী দেৱীৰ আশীৰ্বাদ পায় আৰু তেওঁলোকৰ জীৱনত ধন-সম্পত্তি, গৌৰৱ আৰু সমৃদ্ধি বৃদ্ধি পায়। লক্ষ্মী দেৱীক ভক্তিৰে পূজা কৰাসকলৰ ঘৰত কেতিয়াও ধনৰ অভাৱ নহয় বুলি বিশ্বাস কৰা হয়।
আজি শুকুৰবাৰ আৰু যদি আপুনিও ধনৰ দেৱী লক্ষ্মীৰ আশীৰ্বাদ বিচাৰে তেন্তে আজি এটা সৰু কাম কৰক।
লেম্প জ্বলাই লক্ষ্মী চলিছা পঢ়ক-
ভক্তিসহকাৰে লক্ষ্মী দেৱীৰ পূজা আৰু মন্ত্ৰ জপ কৰি কোনোদিনে আৰ্থিক সংকট নহয়। শুকুৰবাৰে লক্ষ্মী দেৱীৰ মূৰ্তি বা প্ৰতিমূৰ্তিৰ সন্মুখত ঘিউৰ চাকি জ্বলাই তাৰ পিছত সম্পূৰ্ণ ভক্তিৰে লক্ষ্মী চলিছা পাঠ কৰিব।
সম্ভৱ হ’লে দেৱী লক্ষ্মীক খীৰ বা গাখীৰৰ পৰা তৈয়াৰী মিঠাই আগবঢ়াওক। ইয়াৰ দ্বাৰা ঘৰখনলৈ ধন-সম্পত্তি আহিব আৰু সৌভাগ্য দুৱাৰ খোল খাব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















