যুৱ পুত্ৰৰ সৈতে বিয়া কৰাবৰ বাবে ১১ বছৰীয়া ছোৱালীক অপ*ৰণ কৰি নিলে মাতৃয়ে, তাৰ পাছত
প্ৰতিগৰাকী অভিভাৱকে নিজৰ সন্তানৰ বাবে এজন ভাল জীৱন সংগী বাছি ল’ব বিচাৰে। কিন্তু ভাল সংগীৰ সন্ধানত অভিভাৱকে কেৱল উপযুক্ত দৰা-কইনা বিচাৰে, অপহৰণ নকৰে। চীনৰ এগৰাকী এনে মাতৃৰ কাহিনী পোহৰলৈ আহিছে যিয়ে নিজৰ ২৭ বছৰীয়া পুত্ৰৰ বাবে ১১ বছৰীয়া ছোৱালী এজনীক অপহৰণ কৰিলে।
পুত্ৰৰ মোহত মাতৃয়ে ভালৰো ভাল কইনা এগৰাকী বিচাৰে। যাৰবাবেই কৰি পেলাই এক ভুল কাম, ভুল পদ্ধতিৰে আগবাঢ়ে মাতৃ, যাৰ পাছতে এতিয়া সেই ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে।
মাকে ভাৱিছিল, যে ছোৱালীজনীক নি বিয়াৰ উপযুক্ত সময়লৈ নিজৰ পছন্দমতে প্ৰস্তুত কৰি দিব। যাতে ভৱিষ্যতে পুত্ৰৰ বাবে এগৰাকী ভাল পত্নী পত্নী হব পাৰে। কিন্তু হিতে বিপৰীত হয়, এই কাৰ্যৰ পৰিণাম ভোগ কৰিবলগীয়া হ’ল মাতৃগৰাকী।
চীনৰ গুইজৌ প্ৰদেশৰ লিউপানছুই চহৰৰ এখন গাঁৱত এঅ চাঞ্চল্যকৰ কাণ্ড সংঘটিত হৈছে। ২০২৩ চনৰ ফেব্ৰুৱাৰী মাহত ইয়াং উপাধিৰ এগৰাকী মহিলাই ১১ বছৰীয়া কিশোৰীগৰাকীক লগ পায়। ইতিমধ্যে পুত্ৰৰক বাবে কইনা বিচাৰি আছিল মাতৃয়ে।
মাতৃ-পুত্ৰই সেই ১১ বছৰীয়া ছোৱালীজনীক দেখি ইমানেই পছন্দ কৰে যে, পুত্ৰ সৈতে বিয়া পাতি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। সেই মতেই কিশোৰীগৰাকীক ঘৰলৈ গৈয়ো বিয়াৰ বাবে ছোৱালীজনী বিচাৰে। কিন্তু বয়স বহুত কম হৈ থকাই ছোৱালীৰ পিতৃ-মাতৃয়ে এই কথা অগ্ৰাহ্য কৰে।
যাৰ বাবেই মাতৃয়ে পুত্ৰৰ সহায়ত ছোৱালীজনীক অপহৰণ কৰি লৈ যায়। কিন্তু সাৰি যায় কত। ঘটনাৰ ৬ দিনৰ মূৰতে আৰক্ষীৰ হাতত ধৰা পৰে মাতৃ-পুত্ৰ।
যোৱা ১৫ ডিচেম্বৰত আদালতে মাতৃ-পুত্ৰক শাস্তি প্ৰদান কৰিছিল। মাতৃক ২ বছৰৰ কাৰাদণ্ড, পুত্ৰক ৭ মাহৰ কাৰাদণ্ড। দুয়োজনে আদালতৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আবেদন জনাইছিল যদিও যোৱা মাহত আদালতে একেটা সিদ্ধান্তকে সমৰ্থন কৰি সাস্তি বাহাল ৰাখে।
চীনৰ ছ’চিয়েল মিডিয়াত এই বিষয়টোৱে ট্ৰেণ্ড হবলৈ ধৰে। শিশু অপহৰণৰ এই গোচৰত মাক-পুত্ৰক কিয় ইমান কম শাস্তি দিয়া হৈছে, সেই লৈ মানুহৰ আপত্তি হৈ আছে। বহুতে দাবী কৰিছিল যে প্ৰাচীন কালত চীনত মানুহে সৰু ছোৱালীক দত্তক হিচাপে লৈ পৰিয়ালত ডাঙৰ-দীঘল কৰাটো এটা প্ৰথা আছিল, যাতে ডাঙৰ হোৱাৰ পিছত ছোৱালীজনীক পুত্ৰৰ লগত বিয়া কৰাব পাৰে। ১৯৫০ চনত এই প্ৰথাৰ অন্ত পৰিল।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ