আজি সিদ্ধিদাতা গণেশৰ প্ৰিয় দিন৷ বুধবাৰৰ দিনটো গণেশৰ নামত উৎসৰ্গিত৷ আজি গণেশক উপাসনা কৰিলে বিশেষ ফল লাভ কৰে ভক্তই৷ কিন্তু গণেশ পূজা কৰাৰ সময়ত কেইটামান নিয়ম মানি নচলিলেই ক্ষোভিত হৈ পৰে সিদ্ধিদাতা৷ সিদ্ধিদাতাৰ পূজা কৰোতে কি কি নিয়ম মানি চলিব লাগে?
গণেশক ভুলতো তুলসী পাত নিদিব
তুলসী পাত লক্ষ্মী আৰু বিষ্ণুৰ অত্যন্ত প্ৰিয়৷ কিন্তু গণেশক কেতিয়াও তুলসী পাত নিবেদন কৰিব নালাগে৷ পৌৰাণিক কাহিনী অনুসৰি তুলসীয়ে গণেশৰ সৈতে বিবাহৰ প্ৰস্তাৱ কৰিছিল৷ কিন্তু গণেশ সেই প্ৰস্তাৱত ৰাজি নহয়৷ ইয়াৰ পাছতেই তুলসী ৰুষ্ট হৈ গণেশক দুবাৰ বিয়া পাতিব বুলি অভিশাপ দিয়ে৷ ইয়াতেই ক্ষুদ্ধ হৈ গণেশে তেওঁক ৰাক্ষসৰ সৈতে বিবাহৰ অভিশাপ দিয়ে৷ কিন্তু ইয়াৰ পাছতেই নিজৰ ভুল বুজিব পাৰি গণেশে তাক আশীৰ্বাদ দিয়ে যে পৰবৰ্তীকালত তুলসী বিষ্ণুৰ প্ৰিয় হৈ উঠিব৷ সেয়ে গণেশ পুজাত তুলসী পাত ব্যৱহাৰ কৰা নহয়৷
কেতেকী ফুল নিবেদন নকৰিব
শাস্ত্ৰমতে কেতেকী ফুলক অভিশপ্ত বুলি কোৱা হয়৷ সেয়ে শিৱকো এই ফুল নিবেদন কৰা নহয়৷ অন্যহাতে গণেশ শিৱৰ পুত্ৰ৷ সেয়ে গণেশকো কেতেকী ফুল নিবেদন কৰা নহয়৷
গণেশক বগা বস্তু অৰ্পণ নকৰিব
শাস্ত্ৰমতে গণেশক বগা বস্তু নিবেদন কৰাটো নিষিদ্ধ৷ বগা ৰঙৰ চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত৷ পৌৰাণিক কাহিনী অনুসৰি চন্দ্ৰই নিজৰ সৌন্দৰ্যক লৈ অত্যন্ত গৰ্ব কৰে৷ চন্দ্ৰই গণেশৰ ৰূপক লৈ এবাৰ উপহাস কৰিছিল৷ তেতিয়াই গণেশে তেওঁক ৰুষ্ট হৈ অভিশাপ দিয়ে৷ সেয়ে চন্দ্ৰৰ সৈতে সম্পৰ্কযুক্ত বগা বস্তু গণেশক নিবেদন কৰা নহয়৷ বগা পোছাক, বগা চন্দন, বগা ফুল একোৱেই গণেশক দিয়া নহয়৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ