বজৰংবলী হৈছে শ্ৰীৰামচন্দ্ৰৰ শ্ৰেষ্ঠ ভক্ত৷ তেওঁ পুৰাণত বৰ্ণিত সপ্ত চিৰঞ্জীৱীৰ ভিতৰত অন্যতম৷ ৰামৰ আশীৰ্বাদত অমৰত্ব লাভ কৰিছিল বজৰংবলীয়ে৷ কলিযুগত তেওঁকেই একমাত্ৰ জাগ্ৰত দেৱতা বুলিও ধৰা হয়৷ মঙ্গলবাৰ হৈছে বজৰংবলীৰ দিন৷ এইদিনটোত কেইটামান বিশেষ কাম কৰিলে সংকটমোচন হনুমানৰ আশীৰ্বাদ লাভ কৰা সম্ভৱ হয়৷ জানি থওক মঙ্গলবাৰে হনুমানক কেনেকৈ তুষ্ট কৰিব৷
৪০ টা মঙ্গলবাৰে এই কাম কৰক
১০৮টা তুলসী পাতত ৰামনাম লিখক৷ তাৰপাছতেই বজৰংবলীৰ ডিঙিত এই তুলসী পাতৰ মালা পিন্ধাই দিয়ক৷ ৪০ টা মঙ্গলবাৰে এই কাম কৰি থাকক৷ সমস্ত বিপদৰ পৰা মুক্তি পাব আপুনি৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ