শাওন মাহত শিৱৰ আৰাধনা কৰিলে বিশেষ ফল লাভ কৰে ভক্তই৷ এই মাহত পূজাৰ্চনা, নানান বিধি পালন কৰিলে ব্যক্তিয়ে বহুগুণ অধিক ফল পায়৷ শিৱ পুৰাণত মহাদেৱৰ মাহাত্ম্য বৰ্ণিত৷ এই পুৰাণ অনুসৰি শাওণ মাহৰ প্ৰতিটো দিনৰেই বিশেষ মাহাত্ম্য আছে৷ শাওন মাহৰ সোমবাৰৰ পৰা আৰম্ভ কৰি দেওবাৰ পৰ্যন্ত সপ্তাহৰ ৭দিন পৃথক পৃথক উপায় কৰিলে ধন-সম্পত্তি, আৰোগ্য আৰু সৌভাগ্য লাভ কৰা সম্ভৱ৷ শিৱ পুৰাণ অনুসৰি শাওন মাহৰ সপ্তাহৰ কোন দিনা কি কৰিলে শিৱৰ কৃপা লাভ কৰিব জানক সবিশেষ৷
শিৱ পুৰাণত বৰ্ণিত উপায়
১. শাওন মাহৰ দেওবাৰে সূৰ্যৰ উপাসনা কৰক৷ ইয়াৰোপৰি দেওবাৰে ব্ৰাহ্মণক দান দিয়াৰ বাবেও ভাল দিন৷ ইয়াৰ ফলত ব্যক্তিৰ সমস্ত পাপ মোছন হয় বুলি শিৱপুৰাণত উল্লেখ আছে৷
২. শাওনৰ সোমবাৰে শিৱৰ আৰাধনা কৰাৰ পাছত লক্ষ্মীৰ উপাসনা কৰক৷ এই দিনটোত ব্ৰাহ্মণসকলক ঘী-ৰে নিৰ্মিত ভোজন কৰাওক৷ শাওন মাহৰ প্ৰতি সোমবাৰে এই উপায় কৰা উচিত৷ ইয়াৰ ফলত ধন-সম্পত্তিৰ সুখ লাভ কৰিব পাৰে ব্যক্তিয়ে৷
৩. এই পবিত্ৰ মাহৰ মঙলবাৰে ৰোগমুক্তিৰ বাবে কালীৰ উপাসনা কৰক৷ ইয়াৰ ফলত ব্যক্তিয়ে ৰোগৰ পৰা উপসম পায়৷
৪. পৰিয়ালত সুখ শান্তি বৰ্তাই ৰখাৰ বাবে শাওন মাহৰ বুধবাৰে বিষ্ণুৰ উপাসনা কৰক৷ ব্ৰাহ্মণসকলক দৈ ৰে তৈয়াৰী খাদ্য খোৱাওক৷
৫. দীৰ্ঘায়ু লাভৰ আশাত শিৱৰ প্ৰিয় মাহৰ বৃহস্পতিবাৰে দেৱতাসকলক পুজা কৰক৷ ব্ৰাহ্মণসকলক বস্ত্ৰ দান কৰক৷ ইয়াৰোপৰি ঘীঁ মিহলোৱা পায়স আৰাধ্য দেৱতাৰ উদ্দেশ্যে দান কৰক৷
৬. শাওনৰ শুকুৰবাৰে দেৱতাসকলৰ পূজাৰ্চনা কৰি ব্ৰাহ্মণসকলক অন্নদান কৰক৷ মাতৃ, স্ত্ৰী, ভন্টী সকলকে পোছাক উপহাৰ দিব পাৰে৷ ইয়াৰ ফলত সুখ-সাধন বৃদ্ধি পায়৷
৭. শাওন মাহৰ শনিবাৰে ৰুদ্ৰৰ পুজা কৰক৷ এই পুজাত তিলৰ ব্যৱহাৰ কৰিবলৈ ভুলতো নাপাহৰিব৷ এই দিনটোত ব্ৰাহ্মণসকলক তিল মিহলোৱা ভোজন দান কৰক৷ ইয়াৰ ফলত দেৱতাসকল প্ৰসন্ন হ’ব আৰু শীঘ্ৰে আৰোগ্যৰ আশীৰ্বাদ দিব৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ