অসম লাইভ২৪ঃ আজি ৫ জানুৱাৰী। নতুন বছৰৰ প্ৰথমটো শুকুৰবাৰ। সনাতন ধৰ্ম অনুসৰি শুকুৰবাৰক মা লক্ষ্মীৰ প্ৰিয় দিন বুলিও কোৱা হয়। এই দিনটোত সুখ, সম্পদ আৰু সমৃদ্ধিৰ অধিষ্ঠাত্ৰী দেৱী লক্ষ্মীক তুষ্ট কৰিবলৈ সক্ষম হ’লে তেওঁৰ কৃপা গোটেই বছৰেই লাভ কৰিব। বছৰৰ প্ৰথম শুকুৰবাৰেই গঠিত হৈছে শুভ গজকেশৰী যোগ। ইয়াৰোপৰি আজি লক্ষ্মী নাৰায়ণ যোগ, ধৃতিমান যোগ আৰু সুকৰ্ম যোগৰ দৰে কেইবাটাও শুভ যোগ তৈয়াৰ হৈছে। আজিৰ এই বিশেষ দিনটোত কেনেকৈ মা লক্ষ্মীক তুষ্ট কৰিব জানি থওক সবিশেষ।
বছৰৰ প্ৰথমটো শুকুৰবাৰে মা লক্ষ্মীক সন্তুষ্ট কৰাৰ উপায়
আজি বছৰৰ প্রথম শুকুৰবাৰে ঘৰত লক্ষ্মী আৰু কুবেৰ যন্ত্ৰ প্ৰতিষ্ঠা কৰাটো অত্যন্ত শুভ। ইয়াৰ ফলত ব্যৱসায়ত লাভ বাঢ়িব।
যদি আপোনাৰ আৰ্থিক সমস্যা চলি আছে তেন্তে আজি গোমতী চক্ৰ ঘৰৰ মূল দুৱাৰৰ সন্মুখত ওলমাই ৰাখক। ইয়াৰ ফলত সংসাৰৰ দুখ, দৰিদ্ৰতা নাশ হ’ব।
জন্মছকত শুক্ৰ দুৰ্বল হ’লে শুকুৰবাৰে ৰামায়ণৰ লংকাকাণ্ড পাঠ কৰক। ইয়াৰ ফলত শুক্ৰৰ জোৰ বাঢ়িব।
হাতত টকা আহিলে যদি তাক ধৰি ৰাখিব পৰা নাই তেন্তে ১১ টা সৰু নাৰিকল এখন ৰঙা কাপোৰেৰে বান্ধি আলমাৰিৰ য’ত টকা ৰাখে সেই স্থানত ৰাখি থওক।
পায়স হ’ল মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে আজি মা লক্ষ্মীক পায়স নিবেদন কৰক। ইয়াৰ ফলত অত্যন্ত তুষ্ট হয় দেৱী লক্ষ্মী।
বগা ৰং মা লক্ষ্মীৰ অত্যন্ত প্ৰিয়। সেয়ে বগা সামগ্ৰী নিবেদন কৰিব পাৰে।
মা লক্ষ্মীক তুষ্ট কৰিবলৈ আজি পায়স তৈয়াৰ কৰোতে কাজু, কিছমিছ আৰু মাখানাও দিব পাৰে।
শাস্ত্ৰ অনুসৰি হালোৱাও খাবলৈ ভালপায় দেবীয়ে। বছৰৰ প্রথম শুকুৰবাৰে লক্ষ্মীক পূজাৰ প্ৰসাদ হিচাপে দেশী ঘীঁৰে হালোৱা প্ৰস্তুত কৰি নিবেদন কৰিব পাৰে।
যদি কোনো কাৰণত আজি লক্ষ্মী পূজাৰ পায়স, ক্ষীৰ বা হালুৱা প্ৰস্তুত কৰিব নোৱাৰে তেন্তে কেৱল নাৰিকল নিবেদন কৰক।
নাৰিকলৰ মাজত লক্ষ্মীয়ে বাস কৰে বুলিও কোৱা হয়। সেয়ে নাৰিকলক শ্ৰী ফল বুলিও কোৱা হয়। ইয়াৰোপৰি আপুনি দেৱীক বাতাছাও নিবেদন কৰিব পাৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ