অসমীয়াৰ এক অন্যতম খাদ্য হ’ল কল পচলাৰ ব্যঞ্জন। কল পচলা ঔষধী গুণেৰে ভৰপূৰ। আমাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। কেৱল গ্ৰাম্যাঞ্চলতে নহয়, নগৰ–চহৰৰ বজাৰতো যথেষ্ট জনপ্রিয়। কল পচলা কেৱল সাধাৰণ পাচলি নহয়, কল পচলা খালে দেহত জমা হোৱা ইউৰিক এছিড কমি থাকে। ইয়াৰোপৰি কল পচলাই আমাৰ দেহৰ প্রয়োজনীয় বহুতো উপাদানৰ পৰিপূৰক।
পচলাত প্ৰচুৰ পৰিমাণে আঁহ আছে। ইয়াৰ উপৰিও ভিটামিন B6, পতাচিয়াম, আইৰণ আদি পোৱা যায়। ভীমকলৰ পচলা আইৰণ কমি যোৱা ৰোগীক খাবলৈ পৰামর্শ দিয়ে। ইয়াত প্ৰচুৰ পৰিমাণে আঁহ থকাৰ বাবে কোষ্ঠকাঠিন্যত সুফল পোৱা যায়। আইৰণ, ভিটামিন B6 আদি থকাৰ বাবে ৰক্তহীনতা বা এনিমিয়া ৰোগত উপকাৰী। লগতে ই উচ্চ ৰক্তচাপত পচলা উপকাৰী। ই ৰক্তচাপ নিয়ন্ত্ৰণ কৰাত সহায় কৰে।
পচলা কলেষ্টৰলৰ সমস্যাত খালে সুফল পোৱা যায়। ইয়াৰোপৰি পচলাই পেটৰ চৰ্বি কমোৱা, ডায়েবেটিচ, ইউৰিক এচিড, শৰীৰৰ শোধন কৰাত, লিভাৰৰ বিভিন্ন সমস্যাত আৰু জণ্ডিচত সহায় কৰে। সেয়েহে মাজে মাজে পচলা খাব লাগে। মূত্ৰনলীৰ সংক্ৰমণ (urinary tract infection)ত পচলা খালে সুফল পোৱা যায়। পচলাই কিডনী স্টোন হোৱাতো বাধা দিয়ে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















