অসম লাইভ২৪ঃ কোনোৱে যদি ঢোলে-দগৰে বিয়াৰ কথা আগতীয়াকৈ জনাইছে, কোনোৱে আকৌ মনে মনে বিয়াৰ পৰিকল্পনা চলাইছে। মুঠতে বলীউডত এখনৰ পাছত আনখন হাইপ্ৰফাইল বিয়া। বলীউডৰ বহুল চৰ্চিত টাইগাৰ খানৰ পৰিয়ালত আকৌ বাজিছে বিবাহৰ চেহনাই। চিংগল বুলি সকলো সময়তে যদি ছলমানে গৌৰৱবোধ কৰে সেই সময়তে তেওঁৰ ভাতৃয়ে আয়োজন কৰিছে দ্বিতীয়খন বিবাহৰ। আৰবাজ খানে তেওঁৰ দীৰ্ঘদিনীয়া প্ৰেয়সী জৰ্জিয়াক এৰি হঠাৎ আন এগৰাকী নাৰীৰ সৈতে বিবাহৰ বাবে আগবাঢ়ি অহাৰ কথাই গৰম কৰি ৰাখিছে বলীউড।
মালাইকা আৰোৰাৰ সৈতে বিবাহ বিচ্ছেদ হোৱাৰ পাছতেই দীৰ্ঘদিন ধৰি আৰবাজে মডেল জৰ্জিয়াৰ আন্দ্ৰিয়ানীৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছিল। কিন্তু বিগত সপ্তাহত হঠাতেই এটা খবৰ ভাইৰেল হৈছিল যে, আৰবাজ আৰু জৰ্জিয়াৰ বিচ্ছেদ হৈছে। বিচ্ছেদৰ চৰ্চাত ছিলমোহৰ নিজেই মাৰিছে মডেল জৰ্জিয়াই। বিচ্ছেদৰ কথাবোৰৰ চৰ্চা শেষ নৌহওঁতেই মুম্বাইৰেই যুৱতী সুৰা খানৰ সৈতে দেওবাৰে আৰবাজৰ বিবাহ।
এই খবৰে মুখৰিত হৈ আছে মায়ানগৰী। ২৩ ডিচেম্বৰৰ সন্ধিয়া মুম্বাই আৰক্ষীৰ এক অনুষ্ঠানত হাজিৰো হৈছিল অভিনেতা আৰবাজ। তেওঁক এই অনুষ্ঠানত দেখিয়েই প্ৰায়সংখ্যক সাংবাদিকে আৰবাজক বিবাহ সম্পৰ্কীয় কথাই সুধিছে। সুৰাৰ সৈতে আৰবাজৰ বিবাহৰ খবৰ কিমানদুৰ সঁচা? যদি বিবাহৰ কথাবোৰ সঁচা তেন্তে বিবাহৰ অনুষ্ঠানৰ আয়োজন ক’ত কৰা হৈছে? এই সকলোবোৰৰ উত্তৰত নিৰৱে আছে আৰবাজ। বাৰে বাৰে সাংবাদিকৰ প্রশ্নৰ পৰা ফালৰি কটাৰ চেষ্টা চলালে আৰবাজ খানে।
উল্লেখ্য যে ‘পটনা শুক্লা’ৰ ছেটৰ পৰাই দুয়োৰে মাজত বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি উঠিছিল। সেই বন্ধুত্বই প্ৰেমলৈ ৰূপান্তৰ হয়। বলীউডৰ ভিতৰুৱা খবৰ অনুসৰি এই প্ৰেমক দুয়োৱে বিবাহৰ ৰূপ দিব বিচাৰিছে। সুৰা আৰু আৰবাজৰ মাজত গঢ়ি উঠা প্ৰেমৰ সম্পৰ্কক দুয়োখন ঘৰেই বিবাহৰ বান্ধোনত বান্ধি পেলোৱাৰ পৰিকল্পনা গোপনে কৰিলেও কথাবোৰ ৰাজহুৱা হ’ল। বৰদিনৰ এদিন পূৰ্বে অৰ্থাৎ আজিয়েই কোনো গোপন স্থানত আৰবাজে বৰমালা পিন্ধাব সুৰা খানক। তেওঁলোকৰ বিবাহৰ অনুষ্ঠানত কেৱল ঘৰুৱা অতিথিয়ে উপস্থিত হৈছে বুলি জনাইছে প্ৰায়সংখ্যক সূত্ৰই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















