আমাৰ অধিকাংশ লোকৰে মনত এইটো ধাৰণা আছে যে দেহৰ ঘাম যিমানেই বেছি ওলায় সিমানেই দেহৰ পৰা চৰ্বি কমি যায়। কিন্তু প্ৰকৃততে চিকিৎসা বিজ্ঞানে এই সন্দৰ্ভত কি কয়? সঁচাকৈয়ে দেহৰ পৰা ঘাম ওলোৱাৰ পৰিমানে চৰ্বি হ্ৰাস কৰাটো নিৰ্ধাৰণ কৰে নেকি? আচলতে শৰীৰৰ ওজন বা চৰ্বি কমাবলৈ সুষম আহাৰ গ্ৰহণৰ লগতে নিয়মিত শাৰীৰিক ব্যায়াম কৰাটোহে অতি জৰুৰী। কিন্তু চৰ্বি আৰু ওজন কমোৱা সম্পৰ্কে বহুতো ভুল ধাৰণা মানুহৰ মাজত প্ৰচলিত। তেনে এটা সাধাৰণ ধাৰণা হৈছে—বেছি ঘাম ওলালে শৰীৰ মেদ সোনকালে কমে নেকি?
কি কয় চিকিৎসা বিজ্ঞানে?
ঘাম ওলোৱা মানেই দেহৰ পৰা চৰ্বি কমি যোৱাটো নুবুজায়। এই সন্দৰ্ভত দিল্লীৰ শ্ৰী বালাজী এক্সন মেডিকেল ইনষ্টিটিউটৰ ইণ্টাৰনেল মেডিচিন বিভাগৰ বিশেষজ্ঞ চিকিৎসক অংকিত বাঞ্চলে কয় যে, ‘বেছি ঘাম ওলোৱা মানেই দ্ৰুতগতিত মেদ কমি যোৱা বুলি ধাৰণা কৰাটো এটা ডাঙৰ ভুল বিশ্বাস। আচলতে ঘাম হৈছে শৰীৰৰ এক স্বাভাৱিক শীতলীকৰণ প্ৰক্ৰিয়া, যিয়ে শৰীৰৰ তাপমাত্ৰা নিয়ন্ত্ৰণত সহায় কৰে। শৰীৰৰ পৰা মেদ হ্ৰাস কৰাৰ ক্ষেত্ৰত ঘামৰ পোনপটীয়া সম্পৰ্ক নাই। বিশেষজ্ঞগৰাকীৰ মতে, ব্যায়াম কৰাৰ সময়ত, গৰম বতৰত থাকিলে বা বেছি মছলাযুক্ত খাদ্য খালে ঘাম অধিক ওলাব পাৰে। কিন্তু ইয়াৰ লগত মেদ কমা বা দেহৰ চৰ্বি ক্ষয় হোৱাৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। ঘামৰ জৰিয়তে মূলতঃ শৰীৰৰ পৰা পানী আৰু সামান্য পৰিমাণৰ লৱণ বাহিৰ হয়।
পানীৰ অভাৱৰ বাবে ওজন কম দেখা যাব পাৰে
বিশেষজ্ঞগৰাকীৰ মতে ব্যায়ামৰ পিছত ওজন সামান্য কম হোৱা দেখা যাব পাৰে। কিন্তু এই হ্ৰাস চৰ্বি কমাৰ বাবে নহয়, বৰঞ্চ শৰীৰৰ পানীৰ পৰিমাণ কমি যোৱাৰ ফলতহে হয়। পুনৰ পৰ্যাপ্ত পানী সেৱন কৰিলে ওজন সাধাৰণ অৱস্থালৈ ঘূৰি আহে। দেহৰ পৰা চৰ্বি তেতিয়াহে কমে, যেতিয়া শৰীৰে প্ৰয়োজনতকৈ অধিক সঞ্চিত কেলৰি শক্তি হিচাপে ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে। সেয়ে যদি কোনো ব্যক্তিৰ কম ঘাম ওলায়, তাৰ অৰ্থ এইটো নহয় যে তেওঁৰ ব্যায়াম ফলপ্ৰসূ নহয়। দেহৰ চৰ্বি কমাবলৈ নিয়মিত ব্যায়াম, সুষম আহাৰ, পৰ্যাপ্ত টোপনি আৰু এক সুস্থ জীৱনশৈলী বজাই ৰখাটো আটাইতকৈ গুৰুত্বপূৰ্ণ। ঘামৰ পৰিমাণে নহয়, বৰঞ্চ আপোনাৰ ফিটনেছৰ অৱস্থা আৰু কেলৰি বেলেঞ্চেই নিৰ্ধাৰণ কৰে যে আপোনাৰ শৰীৰৰ চৰ্বি কিমান কমিব।
এই প্ৰতিবেদন যুগুতাইছে মানসজ্যোতিয়ে
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















