মঞ্চত তেতিয়া চলি আছিল লাইভ কনছাৰ্ট৷ সন্মুখত আছিল হাজাৰ হাজাৰ উৎসাহী শ্ৰোতা দৰ্শক৷ ভৰি থ’বলৈয়ো জেগা নোহোৱা অৱস্থা নাইটক্লাবৰ ভিতৰত৷ তেনে সময়তেই হঠাৎ খহি পৰিল নাইটক্লাবৰ ছাদ৷ চেপা খাই লগে লগে মৃত্যু কেইবাজনো ব্যক্তিৰ৷ গুৰুতৰভাৱে আঘাতপ্ৰাপ্তৰ সংখ্যাও কেইবাশ৷ কিন্তু কেনেকৈ খহিল সেই ছাদ সেই বিষয়টোক লৈ সৃষ্টি হৈছে প্ৰশ্নৰ৷ চৰকাৰী ৰিপৰ্ট অনুসৰি বৰ্তমানলৈকে এই ঘটনাত মৃত্যু ঘটিছে ৭৯ জনৰ৷ আহত প্ৰায় ১৬০ জন৷ সেই কনছাৰ্টত উপস্থিত আছিল বহু ছেলিব্ৰিটি, ৰাজনীতিবিদ আৰু খেলাৰ জগতৰ বহু তাৰকা৷
দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ পাছতেই সেই স্থানত উপস্থিত হয় উদ্ধাৰকাৰী দল৷ ধ্বংসস্তূপৰ পৰা আহতসকলক উদ্ধাৰ কৰি লগে লগে লৈ যোৱা হৈছে হাস্পতাললৈ৷ ঘটনাৰ পাছত ১২ ঘণ্টা পাৰ হৈ গলেও জীৱিতসকলৰ সন্ধানত এতিয়াও অব্যাহত আছে উদ্ধাৰৰ কাম৷ আশংকা কৰা হৈছে যে এতিয়াও বহু মানুহ ধ্বংসস্তূপৰ ভিতৰত সোমাই আছে৷ বিপৰ্যয় মোকাবিলাৰ প্ৰধান জুয়েন মেনুয়েল মেণ্ডেজে জনাইছে যে এতিয়াও ধ্বংসস্তূপৰ তলত বহুজন আৱদ্ধ হৈ আছে৷ আমাৰ ধাৰণা ধ্বংসস্তূপৰ তলত শব্দ শুনা পাইছো৷ আমাৰ সন্ধান সেয়ে অব্যাহত ৰাখিছো৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ