মহাশক্তি আমেৰিকাৰ বিৰুদ্ধে ফেপেৰি পাতি থিয় দিছে কনমানি কলম্বিয়া
আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ড’নাল্ড ট্ৰাম্পে অবৈধ অনুপ্ৰৱেশকাৰীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ আৰম্ভ কৰিছে। ট্ৰাম্পে আমেৰিকাত বাস কৰা কলম্বিয়াৰ নাগৰিকসকলক দুখন বিমানেৰে কলম্বিয়ালৈ পঠিয়াই যদিও কলম্বিয়াই এই বিমানসমূহ অৱতৰণ কৰিবলৈ নিদিয়ে।
তাৰ পিছতে ৰাষ্ট্ৰপতি ট্ৰাম্পে ক্ষুব্ধ হৈ কলম্বিয়াৰ ওপৰত ব্যৱস্থা গ্ৰহণ কৰি কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰে। কলম্বিয়াইয়ো হাৰ নামানি আমেৰিকাৰ বিৰুদ্ধে ২৫ শতাংশ শুল্ক ঘোষণা কৰে।
আনহাতে কলম্বিয়াই বিমান অৱতৰণ কৰিবলৈ নিদিয়াৰ বাবে ক্ষুব্ধ হৈ ট্ৰাম্পে কলম্বিয়াৰ বিষয়াসকলৰ ভিছা বাতিল কৰি তৎক্ষণাত ভ্ৰমণ নিষেধাজ্ঞা আৰোপ কৰিবলৈ নিৰ্দেশ দিয়ে। ইয়াৰ লগতে কলম্বিয়াৰ শাসকীয় দলৰ সকলো সদস্য আৰু সমৰ্থকৰ ওপৰতো ভিছা নিষেধাজ্ঞা আৰোপ কৰা হয়।
ট্ৰাম্পে এই ক্ষেত্ৰত কয় যে, কোনো ধৰণৰ বে আইনি কাম সহ্য কৰা নহব। এয়া কেৱল আৰম্ভণিহে। কলম্বিয়া চৰকাৰৰ মনে বিচৰা কাম আমেৰিকাত হবলৈ দিয়া নহব।
ট্ৰাম্পৰ কঠোৰ পদক্ষেপৰ পিছত কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে অবৈধ কলম্বিয়াৰ নাগৰিকক পুনৰ উভতাই ল’বলৈ সন্মত হয়। কলম্বিয়াৰ ৰাষ্ট্ৰপতিয়ে প্ৰেচিডেন্সিয়েল বিমান আমেৰিকালৈ প্ৰেৰণ কৰিছে আৰু অবৈধ অনুপ্ৰৱেশকাৰীসকলক ঘূৰাই নিয়াৰ নিৰ্দেশ জাৰি কৰিছে।
কলম্বিয়াৰ ৰাষ্ট্ৰপতি গুস্তাভো পেট্ৰ’ই কয় যে আমেৰিকাই কলম্বিয়াৰ অনুপ্ৰৱেশকাৰীক অপৰাধীৰ দৰে ব্যৱহাৰ কৰিব নোৱাৰে। আমেৰিকাত বাস কৰি থকা কলম্বিয়াৰ নাগৰিক সকলক সা-সন্মানেৰে উভতাই নিয়া হব।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















