চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই শেষত গাধৰ গাখীৰ বিক্ৰী কৰি মাহে ২-৩ লাখ টকা উপাৰ্জন
গাধ এক এনে প্ৰজাতি যাক আমি কাৰোবাক অপমান কৰিবলৈ ব্যৱহাৰ কৰো নাইবা বোজা কঢ়িয়াবলৈ ব্যৱহাৰ কৰো। কিন্তু গাধ লালন-পালন কৰাটো কিমান উপকাৰী হ’ব পাৰে জানেনে? গুজৰাটৰ পাটন জিলাৰ ধীৰেন সোলাংকি নামৰ এগৰাকী লোকে গাধ পালন কৰি গাধৰ গাখীৰ প্ৰতি লিটাৰত ৫০০০ৰ পৰা ৭০০০ বিক্ৰী কৰি লাখ টকা উপাৰ্জন।
চৰকাৰী চাকৰিৰ বাবে হাবাথুৰি খাই ফুৰা গুজৰাটৰ ধীৰেন সোলংকিয়ে শেষত নিজৰ মন সলাই আৰু ঘৰতে ৪২টা গাধৰ সৈতে এখন ফাৰ্ম খুলে। মাথো ৮ মাহৰ ভিতৰতে সোলাংকিৰ সেই ফাৰ্মৰ পৰা লাখ লাখ টকা উপাৰ্জন হব’লৈ ধৰে। ৪২ টা গাধৰ সৈতে গাখীৰ বিক্ৰী কৰি এই লাভ উপাৰ্জন সোলাংকিৰ।
দক্ষিণ ভাৰতৰ ৰাজ্যসমূহত গাধৰ গাখীৰৰ বিপুল চাহিদা। সেই চাহিদাই পুৰণ কৰি আহিছে গুজৰাটৰ সোলাংকিয়ে। গাধৰ গাখীৰ বিক্ৰী কৰি মাহে ২ৰ পৰা ৩ লাখ টকা উপাৰ্জন কৰি আছে।
উল্লেখ্য যে, গুজৰাটত গাধৰ গাখীৰৰ একেবাৰেই চাহিদা নাই। যাৰ বাবে প্ৰথমাৱস্থাত সমস্যাৰ সন্মুখিন হৈছিল যদিও পাছলৈ দক্ষিণ ভাৰতৰ চাহিদাৰ কথা জানিব পাৰি গাখীৰ চাপ্লাই দিয়া আৰম্ভ কৰে। দক্ষিণৰ গাখীৰৰ কোম্পানীৰ লগতে পাছলৈ প্ৰশাধন সামগ্ৰী নিৰ্মাণ কৰা প্ৰতিষ্ঠানলৈয়ো গাধৰ গাখীৰ যোগান ধৰিবলৈ ধৰে।
সোলংকিয়ে কয় যে গাধৰ গাখীৰৰ দাম প্ৰতি লিটাৰত ৫ হাজাৰৰ পৰা ৭ হাজাৰ টকাৰ ভিতৰত। গাখীৰ সতেজ কৰি ৰাখিবলৈ ফ্ৰীজত থৈ দিয়া হয়। গাখীৰ শুকুৱাই গুড়ি ৰূপতো বিক্ৰী কৰা হয়। প্ৰতি কেজি পাউদাৰ গাখীৰৰ দাম প্ৰায় এক লাখ টকা।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ