অধিক পৰিশ্ৰম কৰিও সুফল পাবলৈ সক্ষম হোৱা নাই। কিন্তু আপুনি জানেনে, আপোনাৰ ঘৰত ৰখা কিছুমান বস্তুৱে নেতিবাচক শক্তি কঢ়িয়াই আনিছে, যাৰ বাবে সমস্যাৰ সৃষ্টি হৈছে। এই বাস্তু টিপছৰ নিয়ম মানি চলিলে বহু সমস্যাৰ পৰাই মুক্ত লাভ কৰিব। বাস্তু শাস্ত্ৰৰ মতে, যদি আপুনি বিচাৰে যে দেৱী লক্ষ্মীয়ে আপোনাৰ ঘৰলৈ আহিব আৰু আপোনাক আশীৰ্বাদ দিব, তেন্তে কিছুমান বস্তু আপোনাৰ ঘৰৰ বাহিৰত ৰাখক। বিশ্বাস কৰা হয় যে, এনে কৰিলে আপুনি আৰ্থিক সংকটৰ সন্মুখীন হ’ব নালাগে।
পুৰণি সামগ্ৰী
বহুদিন ধৰি নিপিন্ধা কাপোৰ দান কৰক বা পেলাই দিয়ক। ইয়াৰোপৰি ঘৰৰ পৰা পুৰণি আৰু ফটা জোতা আঁতৰাই পেলাওক।
ভঙা ঘড়ী
ইয়াৰ বাহিৰেও ভঙা বা বেয়া ঘড়ী ৰাখিব নালাগে। ইয়াক মেৰামতি কৰক বা পেলাই দিয়ক।
শুকান গছ নাৰাখিব
ঘৰৰ শুকান গছবোৰ ঋণাত্মক শক্তিৰ প্ৰতীক। ইয়াৰ ঠাইত নতুন গছ-গছনি ৰোপন কৰিব লাগে। যাতে ইতিবাচক শক্তি ঘৰত থাকে আৰু সমস্যাৰ সন্মুখীন হ’ব নালাগে।
পুৰণি কাগজ আৰু ভঙা মূৰ্তি
পুৰণি বাতৰি কাকত, আলোচনী আদি কাগজে ঘৰত অশান্তি সৃষ্টি কৰি ঋণাত্মক শক্তি আকৰ্ষণ কৰে। ঘৰত ভঙা মূৰ্তি ৰখাটো অশুভ বুলি গণ্য কৰা হয়। যিবোৰ বস্তু আপুনি বহুদিন ব্যৱহাৰ নকৰে সেইবোৰ দান কৰক বা ঘৰৰ বাহিৰ কৰি দিয়ক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ
















