অসম লাইভ২৪ঃ বলীউডত মহেন্দ্ৰ সিং ধোনীয়ে ভৰি দিয়াৰ কথাই সমগ্ৰতে চৰ্চা হোৱাৰ সময়তে এইবাৰ চিনেমাৰ জগতত ভৰি দিছে ক্ৰিকেটাৰ শিখৰ ধাৱানেও। ‘ডাবল এক্স এল’-ছবিৰে বলীউডৰ ভৰি দিছে শিখৰ ধাৱানে।
ক্ৰিকেট তাৰকাই যেতিয়া ৰূপালী পৰ্দাত ভৰি থয় অনুৰাগীৰ সংখ্যাও বাঢ়ি দুগুণ হয়গৈ। ক’লা কোট পৰিধান কৰি সুন্দৰী অভিনেত্ৰীৰ হাতত হাত থৈ নৃত্যত মচগুল হোৱা দেখা গৈছে শিখৰক। বাওঁ হাতেৰে কৰা বেটিঙেৰে ক্ৰিকেট অনুৰাগীৰ মনত ঠাই লোৱা শিখৰে ছবি জগতত খলকনি তুলিব পাৰিবনে?
দুগৰাকী মেদবহুল মহিলাৰ জীৱনক লৈ পৰিচালিত ‘ডাবল এক্সএল’ ছবিখনৰ কথা ইতিমধ্যে প্ৰচাৰ হৈছে। মিৰাটৰ ক্ৰীড়া উপস্থাপক ৰাজশ্ৰী ত্ৰিবেদীৰ চৰিত্ৰত অভিনয় কৰিছে হুমা কুৰেছিয়ে। দিল্লীৰ ফেশ্বন ডিজাইনাৰ ছাইৰা খান্নাৰ চৰিত্ৰত দেখা যাব সোণাক্ষী সিনহাক। ৪ নৱেম্বৰত মুক্তি পাবলগীয়া এই কমেডি ছবিখনৰ এটা বিশেষ চৰিত্ৰত আছে শিখৰ ধাৱান।
ক্ৰিকেটৰ ব্যস্ততাপূৰ্ণ জীৱনৰ মাজতেই চিনেমাৰ অভিজ্ঞতাৰ কথা শিখৰে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰি কয়,’এই ছবিৰ স্ক্ৰিপ্ট পঢ়িয়েই মই ছবিখন কৰিম বুলি ভাৱিছিলো। ক্ৰিকেট দলত থকাৰ বাবে সময় খুবেই কম পাওঁ। তাৰ মাজতো যেতিয়াই সুযোগ পাও চিনেমা চাওঁ। মোৰ দৈনন্দিন ৰুটিনৰ মাজত চিনেমা চোৱাটোও এটা। যেতিয়া ‘ডবল এক্স এল’-ৰ প্ৰস্তাৱ পালো মই ৰ’ব নোৱাৰিলো। অসাধাৰণ কাহিনীয়ে মোক আপ্লুত কৰিলে। আশা কৰিছো নেটফ্লিক্সত মুকলি পাবলগীয়া ছবিখনে নতুন প্ৰজন্মলৈ শুভ বাৰ্তা কঢ়িয়াব।’
উল্লেখ্য যে ছবিখনত কেৰিয়াৰ বাছনিৰ দিশটোৰ অন্য ৰূপত উপস্থাপন কৰা হৈছে যিয়ে নতুন প্ৰজন্মৰ বহু যুৱক-যুৱতীকেই লক্ষ্য সন্দৰ্ভত এক যোগাত্মক বাৰ্তা দিব। কেৰিয়াৰ বাছনিৰ ক্ষেত্ৰত মনে বিচৰাধৰণেই আগবাঢ়িবলৈ উদগনিও দিব বুলি চিনেমা পৰিচালকে উল্লেখ কৰিছে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ