পুনৰ নতুন ৰূপ লৈছে অসম-মেঘালয়ৰ সংঘাতে। শ্বিলঙৰ খাছি ছাত্ৰ ইউনিয়নৰ (KSU) ৰ বিৰুদ্ধে অসমত চলা প্ৰতিবাদসমূহ আজি সাময়িকভাৱে স্থগিত ৰখা হৈছে। এতিয়াৰে পৰা অসমলৈ আহিব পাৰিব মেঘালয়ৰ গাড়ী। কিন্তু এই প্ৰতিবাদৰ পিছতেই এইবাৰ জাঙুৰ খাই উঠিছে মেঘালয়ৰ চালক সন্থা।
আজি অসম-মেঘালয়ৰ শান্তিপূৰ্ণ বৈঠকৰ পিছতে অসমৰ চালক সন্থাই প্ৰতিবাদ প্ৰত্যাহাৰ কৰিছিল, কিন্তু এতিয়া কাইলৈৰ পৰা মেঘালয়ত হ’ব ভয়ংকৰ প্ৰতিবাদ। বৰ্তমানেও মেঘালয়ত আৱদ্ধ হৈ আছে অসমৰ ১১৫ জন লোক।
কাইলৈ পুৱা ৮বজাৰ পৰাই পথ অৱৰোধ হুংকাৰ দিছে মেঘালয় চালক সন্থাই। ইতিমধ্যে অসমলৈ উভতাই অনা হৈছে ১৩১জন লোকক। অসমৰ বাহনৰ বাবে পথ অৱৰোধৰ হুংকাৰ দিলে মেঘালয় চালকে। পুনৰ প্ৰশ্ন উত্থাপন হৈছে অসমৰ বাহনত পুনৰ চলিব নেকি ভয়াৱহ আক্ৰমণ?
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ















