দুধনৈৰ উদয়পুৰত নিশা সংঘটিত হৈছে এক ভয়ংকৰ হত্যাকাণ্ড ৷ উদয়পুৰৰ এখন দোকানত তেজেৰে লতুৰি পুতৰি হৈ পৰি থকা অৱস্থাত উদ্ধাৰ মহিলাৰ মৃতদেহ৷ ঘটনাস্থলীত নিশাই আৰক্ষী উপস্থিত হৈ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে লৈ গৈছে৷ নিহত মহিলা গৰাকী ফুলেশ্বৰী ৰাভা বৰ্মন বুলি জানিব পৰা গৈছে৷
পৰকীয়া প্ৰেমৰ বাবেই এই হত্যাকাণ্ড বুলি একাংশই জানিবলৈ দিছে৷ বিগত দুটা দিনত গুৱাহাটী মহানগৰীত দুটাকৈ হত্যাকাণ্ড সংঘটিত হোৱাৰ খবৰ পোহৰলৈ আহিছে। মঙলবাৰে নিশা দুধনৈৰ উদয়পুৰত সংঘটিত হৈছে আন এক চাঞ্চল্যকৰ হত্যাকাণ্ড৷ ছুৰীৰে আক্ৰমণ কৰি হত্যা কৰা হৈছে ফুলেশ্বৰী বৰ্মন ৰাভা নামৰ এগৰাকী ৬০ৰ ঊৰ্ধ্বৰ মহিলাক৷ মহিলাগৰাকীৰ বোৱাৰী গৰাকীৰ সৈতে পৰকীয়া প্ৰেমৰ সম্পৰ্ক থকা যুৱকজনে এই হত্যাকাণ্ড সংঘটিত কৰিছে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে৷
মঙলবাৰে নিশা নিপ্পজ্যোতি ৰাভা নামৰ যুৱকজনে মৃত মহিলাগৰাকীৰ ঘৰৰ লগতে থকা দোকানলৈ “ৰেড চিলী” কিনিবলৈ অহাৰ চলেৰে মহিলাগৰাকীক চোকা অস্ত্ৰৰে হানিখুচি হত্যা কৰে। কেৱল এয়াই নহয় মহিলাগৰাকীৰ ক্ৰমে কণমানি নাতিনী দুগৰাকীকো ডিঙি চেপি হত্যাৰ চেষ্টা চলাইছিল ঘাতক নিপ্পজ্যোতিয়ে। চিঞৰ-বাখৰ শুনি ঘটনাস্থলীত স্থানীয় ৰাইজ উপস্থিত হয়। ৰাইজৰ চিঞৰ বাখৰ শুনি ঘটনাস্থলীৰ পৰা পলায়ন কৰে ঘাতক নিপ্পজ্যোতি। ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আৰক্ষীয়ে মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰে।
ঘটনা সন্দৰ্ভত মৃত মহিলাগৰাকীৰ বোৱাৰীগৰাকীক আটক কৰিছে আৰক্ষীয়ে। ইফালে ঘাতক নিপ্পজ্যোতি ওৰফে নিৰজ ৰাভাক বিচাৰি অভিযান অব্যাহত ৰাখিছে আৰক্ষীয়ে৷ স্থানীয় লোকে জনোৱা অনুসৰি মৃত মহিলাগৰাকীৰ বোৱাৰীগৰাকীৰ সৈতে হত্যাকাৰী নিপ্পজ্যোতিৰে আছিল পৰকীয়া প্ৰেমৰ সম্পৰ্ক৷ দুধনৈৰ মাজ-মজিয়াতে এগৰাকী মহিলাক হত্যা কৰি আৰক্ষীৰ চকুত ধূলি দি নিৰ্ভিঘ্নে পলায়ন কৰা কাৰ্যক স্থানীয় ৰাইজে এতিয়া প্ৰশাসনৰ ওপৰতো প্ৰশ্ন উত্থাপন কৰিছে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ


















