অসম লাইভ২৪ঃ দেশজুৰি এতিয়া দুৰ্গা পূজাৰ উল্লাস। যদিও সমগ্ৰ দেশতেই পূজাৰ উছাহ। তাৰ মাজতেই পশ্চিমবংগৰ পূজা বুলিলেই অন্য মাদকতা। প্ৰত্যেকবাৰেই পশ্চিমবংগৰ পূজাত দেখা যায় মণ্ডপ, প্ৰতিমাত বিভিন্ন ব্যতিক্ৰমতা। থিম পূজাৰ বাবে বিখ্যাত ৰুবী পাৰ্কত এইবাৰো দেখা গৈছে ব্যতিক্ৰম প্ৰতিমা। ৰুবী পাৰ্কত এইবাৰ দেৱী দুৰ্গাৰ হাতেৰে বধ কৰা হৈছে মহাত্মা গান্ধীক। মহাত্মা গান্ধীক বধ কৰা এই প্ৰতিমাক লৈ এতিয়া দেশজুৰি সৃষ্টি হৈছে তুমুল বিতৰ্ক।
হিন্দু মহাসভাই আয়োজন কৰা এই দুৰ্গা পূজাৰ প্ৰতিমাক লৈয়ে হৈছে সমস্ত বিতৰ্ক। দুৰ্গাৰ হাতত মহাত্মা গান্ধীৰ নিধনক লৈ অসন্তুষ্ঠ তৃণমূল কংগ্ৰেছ দলো। তৃণমূল কংগ্ৰেছ দলৰ মুখপাত্ৰ কুণাল ঘোষে এই কাৰ্যৰ নিন্দা কৰি কয়, ‘এতিয়াহে বিজেপি দলৰ আচল মুখ বাহিৰলৈ আহিছে। তেওঁলোক গডছেৰ পূজাৰী, গান্ধীৰ হত্যাকাৰীৰ পূজাৰী। এই কাৰ্যৰ আমি তীব্ৰ বিৰোধীতা কৰিছো। গান্ধীজী আন্তৰ্জাতিক ইতিহাসত ভাৰতবৰ্ষৰ অন্যতম এটা প্ৰতীক। তেওঁক এনেদৰে অৱমাননা কৰাটো মানিব নোৱাৰি। জাতিৰ জনকক কৰা অপমান আৰু সহ্য কৰিব নোৱাৰি।’
উল্লেখ্য যে দেওবাৰে সপ্তমী পূজাৰ সন্ধিয়া দুৰ্গা প্ৰতিমাৰ এই বিতৰ্কিত ছবি ভাইৰেল হৈ পৰে। সামাজিক মাধ্যমত ভাইৰেল এই ছবিক লৈ ৰাজনৈতিক মহলেও প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া। দেশজুৰি প্ৰতিক্ৰিয়া হোৱাত পূজা কমিটীৰ বিষয়ববীয়াসকলে মূৰ্তিটো সলনি কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে। পূৰ্বৰ মূৰ্তিটোতেই গোঁফ আৰু চুলি লগাই অসুৰৰৰূপ দিয়াৰ চেষ্টা কৰিছে। চছমাও আতঁৰাই দিবলৈ বাধ্য হৈছে কমিটীখনে।
মূৰ্তিৰ সালসলনিৰ বিষয়ে অবগত হোৱাৰ পিছতেই এই সম্পৰ্কে মুখ খুলিছে বেংগল বিজেপিৰ ৰাজ্যিক কৰ্মকৰ্তাসকলে। ৰাজ্যিক সভাপতি সুকান্ত মজুমদাৰে মন্তব্য প্ৰকাশ কৰি কয়, ‘এয়া একেবাৰেই ভাল কাম হোৱা নাই। গান্ধীজীক অপমান কৰাটো আমিও মানিব নোৱাৰো।’
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ