দুৰ্গাদেৱীৰ আৰাধনা চলিছে চৌদিশে। মণ্ডপত প্ৰতিষ্ঠা কৰা হৈছে দেৱী দুৰ্গাৰ প্ৰতিমা। কন্যা পুত্ৰসহ সকলোৰে সৈতে মৰ্ত্যলৈ নামি আহে দেৱী দুৰ্গা। চৌদিশে ভক্তই আৰাধনা কৰে দেৱী দুৰ্গাক। কিন্তু দেৱী দুৰ্গাৰ সৈতে সমানেই পূজা পায় ৰক্তাক্ত মহিষাসুৰেও। দশমীত দেৱী দুৰ্গাক বিদায় দিয়াৰ সময়ত একেলগেই বিদায় দিয়া হয় মহিষাসুৰক। মহিষাসুৰৰ মুখতো দশমীৰ দিনা গুজি দিয়া হয় মিঠাই। দুৰ্দান্ত এই অসুৰ অশুভ শক্তিৰ প্ৰতীক দিও কিয় দুৰ্গাৰ সমানে সমানেই পুজিত হয় মহিষাসুৰ?
পুৰাণৰ কথা
পুৰাণ অনুসৰি ব্ৰহ্মাৰ বৰত প্ৰচণ্ড শক্তিশালী হৈ স্বৰ্গলোক আক্ৰমণ কৰিছিল মহিষাসুৰে। দেৱতাসকলে স্বৰ্গৰ পৰা পলাবলৈ বাধ্য হৈ পৰিছিল। মহিষাসুৰৰ হাতত পৰাস্ত হৈ ব্ৰহ্মাৰ কাষত আশ্ৰয় লৈছিল দেৱতাসকলে। কোনো পুৰুষে মহিষাসুৰক বধ কৰিব নোৱাৰিব এই বৰ স্বয়ং ব্ৰহ্মাই দিছিল মহিষাসুৰক। এই বৰ দি অসহায় হৈ ব্ৰহ্মাই অৱশেষত বিষ্ণু আৰু মহাদেৱক স্মৰণ কৰিছিল ব্ৰহ্মাই। দেৱতাসকলৰ দুৰ্দশা দেখিয়েই ব্ৰহ্মা, শিৱ, ইন্দ্ৰ আৰু অন্যান্য দেৱতাসকলৰ দেহৰ পৰা নিৰ্গত তেজেৰে সৃষ্টি হৈছিল পৰমা সুন্দৰী নাৰীৰ। তেওঁক বিবিধ অস্ত্ৰ অলংকাৰেৰে সজাই তোলে দেৱতাসকলে।
হিমালয়ে দেৱীক তেওঁৰ বাহন সিংহ দান কৰিছিল। ব্ৰহ্মাই দিছিল কমণ্ডলু। দেৱৰাজ ইন্দ্ৰই দিছিল বজ্ৰ। মহাদেৱে দিছিল ত্ৰিশূল। দেৱী এনেকৈয়ে দশভুজা হৈ উঠিছিল। দেৱীৰ ৰণ হুংকাৰে ত্ৰিলোক কপাই তুলিছিল। লগে লগেই গৰ্জন কৰিছিল সিংহনাদেও। দেৱীৰ এই ৰূপ দেখি আকৰ্ষিত হৈ পৰিছিল মহিষাসুৰো। দুৰ্গাক মহিষাসুৰে বিবাহৰ প্ৰস্তাৱ দিয়ে। ক্ষুদ্ধ মহিষাসুৰৰ সৈতে দেৱী যুদ্ধত লিপ্ত হয়। সেই যুদ্ধতেই নিহত হয় মহিষাসুৰ। মহিষাসুৰে জন্মগ্ৰহণ কৰিছিল মুঠ তিনিবাৰ। তিনি ধৰণৰ ৰূপ ধাৰণ কৰি তিনিবাৰেই তেওঁক বিনাশ কৰে দেৱীয়ে।
মহিষাসুৰক বধ কৰাৰ বাবে প্ৰথমে অষ্টাদশভুজা উগ্ৰচণ্ডা ৰূপে, দ্বিতীয়বাৰ ভদ্ৰকালী আৰু তৃতীয়বাৰ বধ কৰে দশভুজা দেৱীৰূপে। এবাৰ নিশাৰ ভাগত সপোনত ভদ্ৰকালী মূৰ্তি দেখে মহিষাসুৰে। তেতিয়াই আৰাধনা কৰা আৰম্ভ কৰে মহিষাসুৰে। আৰাধনাত প্ৰীত আৰু প্ৰসন্ন দেৱীয়ে তেওঁক বৰ দিয়ে। মহিষাসুৰে তেতিয়া দেৱীক কয়, ‘আপোনাৰ হাতত হোৱা মৃত্যুৰ বাবে কোনো দুখ বা ক্ষোভ নাই। কিন্তু আপোনাৰ সৈতে যাতে মোকো পূজা কৰে সেই বৰ দিয়ক।’ দেৱী ভদ্ৰকালীয়ে তেতিয়া আশীৰ্বাদ দি কয়, ‘উগ্ৰচণ্ডা, ভদ্ৰকালী আৰু দুৰ্গা এই তিনিমূৰ্তিৰ সৈতে মোৰ পদলগ্ন হৈ তুমি সকলো সময়তে পূজা পাবা।’ তেতিয়াৰে পৰাই মহিষাসূৰেও দেৱীৰ ভৰিৰ কাষত ৰৈ মৰ্ত্যবাসীৰ পূজা লাভ কৰে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















