অসম লাইভ ২৪ঃ আজি মৰ্ত্যৰ পৰা বিদায় লৈছে দুৰ্গতিনাশিনীয়ে। কৈলাশলৈ দশভুজা উভতাৰ পথত মন সেমেকি উঠিছে মৰ্ত্যবাসীৰ। অশুভ শক্তি আঁতৰাই শান্তি আৰু সম্প্ৰীতি ৰক্ষাৰ আশীৰ্বাদ মৰ্ত্যবাসীক দি বিদায় লৈছে দুৰ্গতিনাশিনীয়ে।
বাংলাদেশৰ হিন্দু সম্প্ৰদায়ৰ লোকৰ মাজতো দেখা গৈছে দুৰ্গতিনাশিনীক বিদায় দিয়াৰ তৎপৰতা। হিন্দু বিশ্বাস অনুযায়ী, শাপলা, শালুক আৰু বলিদানৰ মাধ্যমেৰে দেৱীৰ পূজা কৰা হয়। বাংলাদেশৰ আকাশতো নিনাদিত হৈছে, ‘ঠাকুৰ থাকবে কতক্ষণ, ঠাকুৰ যাবে বিসর্জন’।
আনহাতে হিন্দু বিশ্বাস অনসৰি বিগত পাঁচ দিনে মৃন্ময়ী ৰূপত মণ্ডপে মণ্ডপে দেৱীক পূজা কৰি দশমীত সসন্মানে স্বামী গৃহ কৈলাশলৈ দেৱীক পঠিয়াই দিয়া হৈছে। বিদায়ক্ষণত ভক্তৰ মুখে মুখে উচ্চাৰিত হৈছে, ‘যা দেবী সর্বভূতেষু মাতৃৰূপেন সংস্থিতা, নমস্তস্যৈ নমস্তস্যৈ নমস্তস্যৈ নমো নমঃ।’
উল্লেখ্য যে বিজয়া দশমীতেই হিন্দু ধৰ্মালম্বী মহিলাসকলে সেন্দুৰ খেলতো অংশগ্ৰহণ কৰে। ঢাকাৰ ঢাকেশ্বৰী মন্দিৰ, ৰামকৃষ্ণ মিছন, তাঁতীবজাৰ শাখাৰিবাৰী, স্বামীবাগ, বনানী আদি বিভিন্ন মণ্ডপত দেখা গ’ল সেন্দুৰ খেলৰ পৰম্পৰা। সেন্দৰ খেলৰ অন্ততেই শোভাযাত্ৰাৰে দশভুজাৰ মৃন্ময়ী প্ৰতিমাক বুড়িগংগা নদীত বিসৰ্জন দিছে ভক্তপ্ৰাণ ৰাইজে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ