অসম লাইভ ২৪ঃ তেজস্বীতা সপোন দেখিছিল, ইণ্ডিয়ান আইডল ত গীত গোৱাৰ, নাচনীৰ ৰূপত লতাশিলৰ মঞ্চত উঠাৰ। গীত, নৃত্যৰে লাখ লাখ জনতাক মোহাছন্ন কৰা মাজুলী কমলাবাৰীৰ দৰিয়া গাঁৱৰ জনপ্ৰিয় শিশু শিল্পী তেজস্বীতা বৰুৱাৰ আকস্মিক বিয়োগে মৰ্মাহত কৰিছে ৰাজ্যবাসীক।
মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মোৎসৱত সাংস্কৃতিক অনুষ্ঠানত বৰগীত পৰিৱেশন কৰিবলৈ গৈ হঠাৎ অসুস্থ হৈ নামঘৰতে ঢলি পৰা তেজস্বীতা বৰুৱাক গড়মূৰৰ জিলা চিকিৎসালয়লৈ নিয়া হৈছিল যদিও অকাল মৃত্যুক সাৱতি ল’লে তেজস্বীতাই। তেজস্বীতাৰ মৃত্যুৰ পাছতেই এটাৰ পিছত আন এটা অভিযোগ আহিছে মাজুলীৰ স্বাস্থ্যখণ্ডলৈ।
ৰাইজৰ অভিযোগ চিকিৎসালয় কৰ্তৃপক্ষৰ গাফিলতিৰ বাবেই অকাল মৃত্যুক সাৱটি লৈছে মাজুলীৰ কমলাবাৰী দৰিয়া গাঁৱৰ উদীয়মান কণ্ঠশিল্পী তেজস্বীতাই।
মাজুলীৰ দৰিয়া গাঁৱৰ ৰাইজ তথা পৰিয়ালৰ লোকে কৰা অভিযোগ অনুসৰি, গড়মূৰৰ জিলা চিকিৎসালয়ত প্ৰায় এক-ডেৰ ঘন্টা অজ্ঞান হৈ থকাৰ পিছতো তেজস্বীতাক অক্সিজেনৰ যোগান বা আই চি ইউত ভৰ্তি নকৰাকৈ বেজী চেলাইন দিয়েই দায়িত্ব সামৰে চিকিৎসালয়খনে।
উল্লেখ্য যে এই ঘটনাৰ পিছতে নিলম্বন কৰা হৈছে মাজুলী গড়মূৰ চিকিৎসালয়ৰ অধীক্ষকক। কণ্ঠশিল্পী তেজস্বীতা বৰুৱাৰ মৃত্যুৰ পাছতে স্বাস্থ্য বিভাগে নিলম্বন কৰে চিকিৎসালয়খনৰ অধীক্ষক অমূল্য গোস্বামীক। গোস্বামীক নিলম্বনৰ পাছতেই চিকিৎসালয়খনত অধীক্ষকৰ দায়িত্ব দিয়া হৈছে ডাঃ কিশোৰ কুমৰ বৰ্মনক।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ