অক্টোবৰ পূজাৰ মাহ, ছুটিটেই আধা সময় পাৰ হৈছে৷ এইবাৰ নৱেম্বৰতো আছে কেইবাটাও ছুটি৷ নতুন মাহ আৰম্ভ হ’বলৈ মাজত মাত্ৰ ৫দিন৷ চাওঁতে চাওঁতেই ৫দিন পাৰ হ’ব৷ গতিকে আহিবলগীয়া নৱেম্বৰত ১৩ দিন বন্ধ থাকিব বেংক সেৱা৷ কেতিয়া কি কাৰণত বন্ধ থাকিব বেংক জানি থওক তালিকা৷
১ নৱেম্বৰত শুকুৰবাৰে দীপাৱলিৰ বাবে বন্ধ থাকিব বেংক৷
২ নৱেম্বৰ শনিবাৰেও দীপাৱলিৰ বাবেই বন্ধ থাকিব বেংক৷
৩নৱেম্বৰ দেওবাৰে সাপ্তাহিক বন্ধ৷
৭আৰু ৮ নৱেম্বৰ ছট উপলক্ষে বৃহস্পতি আৰু শুকুৰবাৰে বন্ধ থাকিব বেংক৷
৯ নৱেম্বৰত মাহৰ দ্বিতীয় শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব বেংক৷
১০ নৱেম্বৰ দেওবাৰ সাপ্তাহিক ছুটি৷
১২ নৱেম্বৰ মঙলবাৰেও বন্ধ থাকিব বেংক৷
১৫ নৱেম্বপ শুকুৰবাৰে গুৰুনানকৰ জন্মদিন হোৱাৰ বাবে বন্ধ থাকিব বেংক৷
১৭ নৱেম্বৰ দেওবাৰ উপলক্ষ্যে বন্ধ থাকিব বেংক৷
১৮ নৱেম্বৰতো আছে বেংকৰ বিশেষ হলিডে৷
২৩ নৱেম্বৰ শনিবাৰে চতুৰ্থ শনিবাৰ হোৱাৰ বাবে বন্ধ থাকিব বেংক৷
তাৰপিছতেই ২৪ নৱেম্বৰ দেওবাৰ হোৱাৰ বাবে বন্ধ থাকিব বেংক৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ