সকলোৱেই সঞ্চয়ৰ কথা ভাৱে৷ সেই ক্ষেত্ৰত প্ৰথমেই প্ৰায়সকলৰ মনলৈ আহে পোষ্ট অফিচ মান্থলি ইনকাম স্কিমৰ কথা৷ পোষ্ট অফিচ শিশু, কন্যা আৰু বয়স্কসকলৰ বাবে বিভিন্ন স্কিম আছে৷ ইয়াৰ কাৰণ হৈছে বেছিভাগ পোষ্ট অফিচৰ প্ৰকল্প ৰিস্কমুক্ত৷ ইয়াত বিনিয়োগ কৰা অৰ্থ নিৰাপদে থাকে৷ ইয়াত সুদৰ হাৰো আকৰ্ষণীয়৷ চৰকাৰে ইয়াৰ সুৰক্ষাৰ নিশ্চয়তা দিয়ে৷

পোষ্ট অফিচৰ মান্থলি ইনকাম স্কিম কাৰ বাবে ভাল সেয়া সকলোৱে জানিবলৈ আগ্ৰহী৷ এই প্ৰকল্পটো অৱসৰপ্ৰাপ্ত চিনিয়ৰ চিটিজেন আৰু গৃহিনীসকলৰ বাবে সকলোতকৈ ভাল অৰ্থলাভৰ বিকল্প৷ ইয়াত ৫ বছৰৰ বাবে এককালীন অৰ্থ জমা কৰিব পাৰে৷ ইয়াত ধন জমা দিয়াৰ তাৰিখৰ পৰাই পোষ্ট অফিচে প্ৰতিমাহে সুদ দিবলৈ আৰম্ভ কৰে৷ এই প্ৰকল্পই বৰ্তমান বাৰ্ষিক ৭.৮শতাংশ সুদৰ হাৰ প্ৰদান কৰে৷ ইয়াত জমা কৰা অৰ্থ একেই থাকে৷ প্ৰতিমাহে আপুনি কেৱল সুদ হিচাপেই ভাল টকা লাভ কৰিব পাৰে৷

যেনে ১ লাখ টকা বিনিয়োগ কৰিলে প্ৰতিমাহে ৬১৬ টকা সুদ পোৱা যায়৷ একেধৰণে কোনোৱে যদি ৫লাখ টকা বিনিয়োগ কৰে তেন্তে প্ৰতিমাহে প্ৰায় ৩০৮৩ টকা সুদ পাব৷ কোনে কিমান টকা বিনিয়োগ কৰে তাৰ ওপৰত নিৰ্ভৰ কৰি সুদ লাভ কৰিব পাৰে৷ এজন ব্যক্তিৰ নামত এটা একাউণ্ট খুলিলে সৰ্বোচ্চ ৯লাখ টকা জমা কৰিব পাৰিব৷ কোনোৱে যদি দুই বা তিনিজনৰ নামেৰে একাউণ্ট খোলে তেতিয়া সৰ্বোচ্চ ১৫ লাখ টকা বিনিয়োগ কৰিব পাৰে৷

কেনেকৈ প্ৰতিমাহে ৫৫৫০ টকা আয় কৰিব?

কোনোৱে যদি এটা একাউণ্টত সৰ্বোচ্চ ৯ লাখ বিনিয়োগ কৰে তেন্তে প্ৰতিমাহে ঠিক ৫৫৫০ টকা আয় কৰিব, যাৰ সুদৰ হাৰ ৭.৮ শতাংশ৷ এই স্কিমৰ ম্যাদকাল ৫বছৰ৷ ইয়াত প্ৰতিমাহে অৱশ্যেই সুদ পোৱা যাব৷ ৫ বছৰ পূৰ্ণ হোৱাৰ পাছত প্ৰাথমিক বিনিয়োগকৃত সম্পূৰ্ণ মূলধন ৯লাখ টকা উভতাই পাব৷ এই টকা নিজৰ কামৰ বাবে ব্যৱহাৰ কৰিব পাৰে৷ অথৱা মাহিলী আয় অব্যাহত ৰখাৰ বাবে বছৰৰ পাছত বছৰ ধৰি একেই মান্থলি ইনকাম স্কিমত পুনঃবিনিয়োগ কৰিব পাৰে৷