পৃথিৱীবাসীক পানীৰ যোগান ধৰি ধৰি বেকা হৈ পৰিছে পৃথিৱীৰ অক্ষৰেখা৷ মেৰু বা এক্সিছ বুলিও কোৱা হয় অক্ষৰেখাক৷ এই অক্ষৰেখাক কেন্দ্ৰ কৰিয়েই ঘূৰে পৃথিৱী৷ আৰু সেই অক্ষৰেখাই এতিয়া বেকা হৈ পৰিছে৷ প্ৰায় ৩১.৫ ইঞ্চি বেকা হৈছে পৃথিৱীৰ অক্ষৰেখা৷ চ’ল নেশ্ব্যনেল ইউনিভাৰ্ছিটিৰ গৱেষক কি উইয়ন ছেওৰ নেতৃত্বাধীন বিজ্ঞানীসকলৰ দলে জনাইছে যে ১৯৯৩ চনৰ পৰা আৰম্ভ কৰি ২০১০ চন পৰ্যন্ত পৃথিৱীৰ মেৰু তথা অক্ষৰেখাই পূৰ্ববৰ্তী অৱস্থানৰ পৰা অন্তত ৮০ ছেণ্টিমিটাৰ বেঁকা হৈছে৷
ইয়াৰ কাৰণ হৈছে ভূ গৰ্ভস্থ পানী নিষ্কাশনৰ পৰিমাণ বাঢ়িছে৷ যাৰ মূলত মানুহ৷ বিশেষকৈ ভাৰতীয়সকলে পানীৰ ব্যৱহাৰ হিচাপতকৈ বেছিকৈ কৰে৷ পানীৰ যোগান দি দি ইয়াৰ প্ৰভাৱ পৰিছে পৃথিৱীৰ কাঠামোগত গঠনত৷ গৱেষকে জনাইছে যে মূলত উত্তৰ আমেৰিকা আৰু উত্তৰ পশ্চিম ভাৰতৰ অধিবাসীসকলে যেনেকৈ যথেষ্টভাৱে একুইফাৰসহ যাৱতীয় ভূ গৰ্ভস্থ কাঠামোৰ পৰা পানী নিষ্কাশন কৰিছে আৰু ইয়াত ফলত পৃথিৱীৰ জলস্তৰ কমি আহিছে৷ বিজ্ঞানীৰ হিচাপ অনুসৰি ইয়াৰ পৰিমাণ প্ৰতি বছৰে প্ৰায় ৪.৩৬ চেণ্টিমিটাৰকৈ কমিব ধৰিছে৷ গৱেষণাৰ এই ফলাফল প্ৰকাশিত হৈছে জিঅ’ ফিজিকেট ৰিচাৰ্ছ লেটাৰ্ছত৷
গৱেষণাত পোৱা তথ্যৰ পৰা জনা গৈছে যে ১৯৯৩ চনৰ পৰা ২০১০ চন পৰ্যন্ত পৃথিৱীৰ আভ্যন্তৰৰ পৰা অন্তত ২১৫০ গিগাটন ভূগৰ্ভস্থ জল উঠাই লোৱা হৈছে৷ ইয়াৰ ফলত পৃথিৱীৰ অক্ষৰেখা বেঁকা হৈ পৰিছে৷ ইয়াৰোপৰি ইয়াৰ প্ৰভাৱ পৰিছে সমুদ্ৰৰ জলস্থৰৰ উত্থানতো৷ ইয়াৰ সৈতে সলনি হৈছে পৃথিৱীৰ ভৰ বণ্টনতো৷ অবাবত যাতে পৃথিৱীবাসীয়ে ভূ গৰ্ভস্থ জল ব্যৱহাৰ কৰি নাথাকে সেই বিষয়ক লৈয়ো সঁকিয়াই দিছে বিজ্ঞানীমহলে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ