• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?

পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?

3 years ago
শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

23 minutes ago
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

48 minutes ago
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

1 hour ago
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

3 hours ago
বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

বহু সময়লৈ গাখীৰ কেনেকৈ সতেজ কৰি ৰাখিব?

3 hours ago
এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

এতিয়াৰে পৰা বজাৰত নাপাব কোনো ধৰণৰ Energy Drink

4 hours ago
কেনে যাব আজি আপোনাৰ দিনটো?

কেনে যাব আজি আপোনাৰ দিনটো?

5 hours ago
শীঘ্ৰে পাব ৫ ৰাশিৰ লোকে সুখবৰ, জানক দৈনিক ৰাশিফল

কাইলৈ নতুন খবৰ পাব ৪ ৰাশিৰ লোকে, জানক কাৰ কাৰ উদয় হ’ব ভাগ্য!

13 hours ago
৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

৫ মিনিটতে WhatsAppত উপলব্ধ হ’ব আয়ুষ্মান কাৰ্ড, এইদৰে কৰক আবেদন

13 hours ago
পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

পুৰণি ৫০ বা ১০০ টকীয়া নোট আছে নেকি? তেন্তে হ’ব পাৰিব কোটিপতি!

14 hours ago
‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

‘কেৰিয়াৰ বচাবলৈ দীপিকাক ত্যাগ কৰিলো!’ ক’লে দীপিকা পাডুকনৰ প্ৰাক্তন প্ৰেমিকে

14 hours ago
২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

২২ জুলাইৰ পূৰ্বে হওক সাৱধান, হ’ব পাৰে দুৰ্ঘটনা!

15 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Saturday, July 11, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home প্ৰযুক্তি

পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?

editor by editor
November 24, 2023
in প্ৰযুক্তি, বিজ্ঞান, বিবিধ, বিশ্ব, লেখা
0
পৃথিৱীৰ পৰা চন্দ্ৰৰ দূৰত্বৰ ৪০ গুণ দূৰৰ পৰা আহিছে লেজাৰ বাৰ্তা, কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা?
0
SHARES
5.3k
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

অসম লাইভ২৪ঃ মহাকাশৰ পৰা পৃথিৱীলৈ আহিছে বিশেষ লেজাৰ বাৰ্তা। ১ কোটি ৬০লাখ কিঃমিঃ দূৰত্বৰ পৰা আহিছে সেই বিশেষ বাৰ্তা। আমেৰিকাৰ মহাকাশ গৱেষণা সংস্থা নাছাই এই বাৰ্তা লাভ কৰিছে। নাছাই জনোৱা অনুসৰি যি দূৰত্বৰ পৰা এই বাৰ্তা আহিছে সেয়া পৃথিৱী আৰু চন্দ্ৰৰ দূৰত্বতকৈ প্ৰায় ৪০ গুণ বেছি। এয়াই পৃথিৱীৰ ইতিহাসত দীৰ্ঘতম পথ অতিক্ৰমী অহা লেজাৰ বাৰ্তা বুলি জনাইছে নাছাই। প্রথমবাৰৰ বাবে ইমান দূৰৈৰ পৰা অহা কোনো লেজাৰ বাৰ্তা পৃথিৱীলৈ আহিছে। কিন্তু কোনে পৃথিৱীলৈ পঠিয়াইছে এই বাৰ্তা? কোনো এলিয়েনেই পঠাইছে নেকি এই বাৰ্তা?

এই বাৰ্তা কোনো এলিয়েনে পঠিয়াইছে তেনে নহয়। এই বাৰ্তা আহিছে পৃথিৱীৰ পৰা মহাকাশলৈ পঠিওৱা এখন মহাকাশযানৰ পৰাই। মহাকাশ গৱেষণা সংস্থাই জনোৱামতে ছাইকি নামৰ মহাকাশযানখনত থকা এটা যন্ত্ৰৰ সহায়ত এই বাৰ্তা পৃথিৱীলৈ আহিছে। ছাইকি মহাকাশযানৰ ডিপ স্পেছ অপটিকেল কমিউনিকেশ্ব্যনছ নামৰ এটা বিশেষ যন্ত্ৰ আছে। এই যন্ত্ৰৰ সহায়তেই এই পৰীক্ষা কৰা হৈছে।

ফ্লৰিডাৰ কেনেডি স্পেছ চেণ্টাৰৰ পৰা বিগত ১৩ অক্টোবৰত যাত্ৰা কৰিছিল ছাইকি মহাকাশযানখনে। যাত্ৰা আৰম্ভ কৰাৰ এমাহ পাছতেই ১৪ নৱেম্বৰত সেই যানে পৃথিৱীলৈ এটা লেজাৰ বাৰ্তা পঠিওৱাত সফল হৈছে। ছাইকি মহাকাশযানখনে কেলিফৰ্নিয়াৰ পালোমাৰ মানমন্দিৰত থকা হেল’ টেলিস্কোপৰ সৈতে যোগাযোগ স্থাপন কৰে। পৰীক্ষাৰ সময়ত ডিএছওছিৰ ওপৰিও ইনফ্ৰাৰেড ফটনসমূহ ছাইকিৰ পৰা পৃথিৱীলৈ আহিবলৈ সময় লৈছে ৫০ ছেকেণ্ড।

নাছাৰ এগৰাকী উচ্চপদস্ত বিষয়া ট্ৰুডি কৰ্টেছে এই সন্দৰ্ভত কয়, ‘ডিএছওচিৰ ইমান দূৰৈৰ পৰা লেজাৰ বাৰ্তা পঠোৱা বিষয়টো প্রথমবাৰৰ বাবে কৰা হৈছে। নাছাৰ জেট প্ৰপালছন লেবৰটৰীৰ ডিএছওছিৰ প্ৰজেক্ট টেকনোলজিষ্টে এই সন্দৰ্ভত কয়, ‘ডিএছওছিৰ পৰা অহা লেজাৰ ফটন সফলভাৱে চিনাক্ত কৰা হৈছে। আমি ইয়াৰ তথ্যও প্ৰকাশ কৰিব পাৰো। আমি মহাকাশৰ গভীৰৰ পৰা আলোৰ বিট বিনিময় কৰিব পাৰো। ছাইকি মহাকাশযানখনৰ প্ৰাথমিক উদ্দেশ্য হৈছে অন্যান্য ধাতৱ গ্ৰহাণু ছাইকিত উপস্থিত হৈ পৰীক্ষা নিৰীক্ষা চলোৱা। গন্তব্যস্থান পোৱাৰ পূৰ্বে বাৰে বাৰে পৃথিৱীৰ দিশে লেজাৰ সংকেত পঠিয়াই থাকিব এই যানখনে। মহাকাশযানখনে বিশেষ গ্ৰহাণুত উপস্থিত হ’ব ২০২৯ চনত। ছাইকি গ্ৰহানুটো মঙল আৰু বৃহস্পতি গ্ৰহৰ মাজত আছে। ইটালীৰ জ্যোতিৰ্বিদ এনিবেল ডি গেছপেৰিছে ১৮৫২চনৰ ১৭ মাৰ্চত এই গ্ৰহাণুৰ আৱিষ্কাৰ কৰিছিল।

গ্ৰীক দেৱী ছাইকিৰ নামেৰে এই গ্ৰহাণুৰ নামকৰণ কৰা হৈছে। মহাবিশ্বত বৰ্তমান পৰ্যন্ত আৱিষ্কাৰ কৰা ডাঙৰ গ্ৰহাণুসমূহৰ ভিতৰত অন্যতম হৈছে ছাইকি। গ্ৰহাণুটোৰ গড় ব্যাস প্ৰায় ২২০ কিঃমিঃ। কিন্তু কিয় এই গ্ৰহাণুৰ প্ৰতি বিজ্ঞানীৰ ইমান বেছি কৌতুহল? ছাইকি গ্ৰহাণুৰ প্ৰায় সমগ্ৰ অংশই লো আৰু নিকেলেৰে গঠিত। গ্ৰহাণুটোৰ বেছ কিছু অংশ সোনেৰে তৈয়াৰী বুলিও বিজ্ঞানীয়ে দাবী কৰিছে। বিজ্ঞানীৰ অনুমান, আমেৰিকাৰ বৰ্তমান বজাৰ অনুসৰি ১৬ ছাইকিৰ আনুমানিক মূল্য প্ৰায় ১০হাজাৰ কোয়াড্ৰিলিয়ন ডলাৰ। যত বিশ্বৰ অৰ্থনীতি মাত্ৰ ৭৮ ট্ৰিলিয়ন ডলাৰহে। অৰ্থাৎ ১৬ ছাইকি গ্ৰহাণুটোৰ মুঠ মূল্য পৃথিৱীৰ সমস্ত মুদ্ৰাৰ ১ লাখ ৩৫ হাজাৰ গুণ বেছি। ইয়াৰ অৰ্থ কোনো দেশে যদি এই বহুমুলীয়া পাথৰ দখল কৰিবলৈ সক্ষম হয় তেন্তে বিশ্বৰ অৰ্থনীতিক সম্পূৰ্ণৰূপে ভাঙি পেলোৱাৰ ক্ষমতা থাকিব সেই বিশেষ দেশৰ।

নাছাৰ মতে, ১৬ ছাইকিত যি পৰিমানৰ লোহা আৰু নিকেল আছে তাৰ ঘনত্ব পৃথিৱীত পোৱা লো আৰু নিকেলৰ ঘনত্বতকৈ বেছি। ১৬ ছাইকিৰ দিশত বহুদিন ধৰিয়েই নজৰ ৰাখিছে নাছাই। এই গ্ৰহাণুটোলৈ বহু দিন ধৰিয়েই এখন যান পঠিয়াই দিয়াৰ পৰিকল্পনা নাছাই কৰি আছিল। অৱশেষত অক্টোবৰত নাছাই যান পঠিয়াবলৈ সক্ষম হৈছে। নাছাৰ এগৰাকী কৰ্তা বিল নেলছনে এক বিবৃত্তিত জনোৱামতে, ‘ছাইকি অভিযানে মানৱজাতিক গ্ৰহ গঠন সম্পৰ্কীয় বহু নতুন তথ্য জনাত সহায় কৰিব। বৰ্তমান মহাকাশৰ পৰা যন্ত্ৰটোৱে আমাক বাৰ্তা পঠিয়াবলৈ সক্ষম হোৱাত আমি আশা কৰিছো এই অভিযানত আমি সফল হম।’

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam live 24axom live 24best news channel in assamBest news channel of assamBest News Portal in AssamBest News Portal of Assam
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য
বিনোদন

শ্লোভেনিয়ান ফুটবলাৰ পিঠিত শিৱৰ টেটু অংকন, জানক ইয়াৰ আঁৰৰ ৰহস্য

July 11, 2026
ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা
জীৱনশৈলী

ঘৰলৈ সমৃদ্ধি আনে সূৰ্যোদয়ৰ ছবিয়ে, কিন্তু লগোৱাৰ আগতে জানি লওক এই গুৰুত্বপূৰ্ণ কথা

July 11, 2026
‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’
ভাৰত

‘কন্যাই দেৰিকৈ বিয়া হোৱাৰ বাবেই বাঢ়িছে ধ*ৰ্ষণৰ দৰে ঘটনা’

July 11, 2026
১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস
বিবিধ

১০০ টকীয়া নোটখনৰ এপিঠিত থকা ছবিখনৰ ৰহস্য আৰু ইতিহাস

July 11, 2026
Next Post
সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে

সাময়িকভাৱে বন্ধ থকাৰ পাছত আকৌ আৰম্ভ হৈছে উত্তৰকাশীৰ উদ্ধাৰকাৰ্য। কিমান সময়ৰ পাছত বাহিৰলৈ আনিব পৰা হ’ব শ্ৰমিকক, জনালে উদ্ধাৰকাৰী দলে

‘ধোনীৰ পাছতেই নতুন ফিনিছাৰ…’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে

'ধোনীৰ পাছতেই নতুন ফিনিছাৰ...’ ৰিংকুৰ বেটিঙেই ক’লে মহেন্দ্ৰ সিং ধোনীৰ পাছতেই শ্ৰেষ্ঠ ফিনিছাৰ লাভ কৰিছে দেশে

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.