অভিকেন্দ্ৰ নগাঁও, কি কয় বতৰে, ডাঙৰ ভূমিকম্প অহাৰ সম্ভাৱনা নেকি !
এক মৃদু ভূঁইকঁপে জোকাৰি যায় অসম। গুৱাহাটী মহানগৰীকে ধৰি অসম লগতে মেঘালয়ৰো কিছু অংশত অনুভুত হয় এই ভূমিকম্পৰ জোকাৰণি।
৪.৩০ বজাত অহা এই ভূমিকম্পৰ অভিকেন্দ্ৰ নগাঁও জিলা। ৰাষ্ট্ৰীয় ভূমিকম্প সন্থাৰ (National Center for Seismology) ফালৰ পৰা সদৰি কৰা অনুসৰি এই ভুমিকম্পৰ ৰিখটাৰ স্কেল ৪.৩ ।
সমতলৰ পৰা ২৫ কিলোমিটাৰ গভীৰতাত হয় এই কম্পন। পাছে এতিয়া চিন্তাত পৰিছে জনসাধাৰণ। ডাৱৰীয়া বতৰ চাই পুনৰ ভমিকম্প আহিব পাৰে বুলি শংকা প্ৰকাশ।
কোনো এক ডাঙৰ ভূমিকম্প অহাৰ শংকা ব্যক্ত কৰিছে কোনো কোনো লোকে। পূৰ্বৰ ২০২১ চনৰ ঢেকিয়াজুলিৰ দৰেই ডাঙৰ ভূমিকম্প আহিব পাৰে বুলি মন্তব্য ।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ