৫.৮ ৰিখটাৰ স্কেলৰ ভূমিকম্পই কঁপাই থৈ গ’ল ভাৰতৰ এক বৃহৎ অংশ
আজি বুধবাৰ ১১ ছেপ্টেম্বৰ তাৰিখে ১২ বাজি ৫৮ মিনিটত অহা এক ভূমিকম্পই জোকাৰি যায় ভাৰতৰ বৃহৎ অংশ। ভূ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা জানিব পৰা অনুসৰি এই ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল পাকিস্থানৰ ডেৰা গাজী খান ক্ষেত্ৰ। যদি ইয়াৰ কেন্দ্ৰস্থন পাকিস্তান আছিল তথাপি ভাৰতৰ এক বৃহৎ অংশত এই ভূমিকম্পৰ জোকাৰণি অনুভুত হয়।
ভাৰতৰ উত্তৰ অংশৰ কেইবাখনো ৰাজ্যত এই ভূমিকম্পৰ জোকাৰণি অনুভুত হয়। বতৰ বিজ্ঞান কেন্দ্ৰৰ ফালৰ পৰা সদৰি কৰা অনুসৰি ভাৰতৰ দিল্লী-এনচিআৰকে ধৰি, উত্তৰ প্ৰদেশৰ পৰা আৰম্ভ কৰি পাঞ্জাৱ, হাৰিয়ানা আৰু জম্মু কাশ্মীৰতো এই ভূমিকম্প অনুভুত হয়। ইয়াৰ উপৰিও ভাৰত আৰু পাকিস্তানৰ লগতে আফগানিস্তানতো এই ভুমিকম্পৰ প্ৰভাৱ পৰে।
৫.৮ ৰিখটাৰ স্কেলৰ এই ভুমিকম্পৰ জোকাৰণি বহু ঠাই আগুৰি অনুভুত হয় যদিও এই পৰ্যন্ত ইয়াৰ দ্বাৰা কোনো লোকৰ ক্ষতি হোৱা নাই। অৱশ্যে সম্পত্তি ক্ষতি হলেও সুকলমে আছে সকলো। কোনো লোকৰ হতাহতিৰো খবৰ অহা নাই।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ