অসম লাইভ২৪ঃ কৰ্কটৰ সমান্তৰালকৈ দেশত বৃদ্ধি পাইছে কলেষ্টেৰলত আক্ৰান্ত ৰোগীৰ সংখ্যা৷ এটা পৰিসংখ্যাই দাবী কৰা অনুযায়ী ভাৰতত প্ৰতিবছৰে উচ্চ কলষ্টেৰলৰ সমস্যাত আক্ৰান্ত হয় ১০ লাখৰো অধিক লোক৷ ২০১৭ চনৰ এক সমীক্ষাত উল্লেখ থকা অনুযায়ী প্ৰতি ৫জন ব্যক্তিৰ মাজৰ এজনেই কলেষ্টেৰলৰ সমস্যাত ভূগি আছে৷ সাধাৰণতে বয়সৰ সৈতে এই ৰোগো শৰীৰত বাঢ়ি যাবলৈ ধৰে৷ অনিয়ন্ত্ৰিত জীৱনযাপন, অনিয়মিত খাদ্যভাষৰ লগতে বহুকেইটা কাৰণত কলষ্টেৰলৰ মাত্ৰা বাঢ়ি যায়৷ কলেষ্টেৰল নিয়ন্ত্ৰণত ৰাখিবলৈ কেইবিধমান সেউজীয়া পাচলি খাদ্যভাষত ৰাখিব পাৰে৷ কি কি খাদ্য এই তালিকাত ৰাখিব?
ব্ৰকলি
শৰীৰৰ বাবে সেউজীয়া পাচলি খুবেই গুৰুত্বপূৰ্ণ৷ শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়াবৰ বাবে ব্ৰকলি খাদ্য তালিকাত ৰখাটো খুবেই জৰুৰী৷ ফাইবাৰ, ছালফাৰ সমৃদ্ধ ব্ৰকলিত আছে কলেষ্টেৰল নিয়ন্ত্ৰণৰ ক্ষমতা৷ কলেষ্টেৰলত সমস্যাত যিসকলে ভূগি আছে তেওঁলোকৰ প্ৰতিদিনেই ব্ৰকলি খাব পাৰে৷
পালেং শাক
পটাছিয়াম,ফাইবাৰ, ফোলেট, কেলছিয়াম সমৃদ্ধ পালেং শাক কলেষ্টেৰল কমাবলৈ খুবেই উপকাৰী৷ পালেং শাকে কলেষ্টেৰল কমোৱাত সহায় কৰে৷ ইয়াৰ ওপৰিও পালেং শাকত আছে লুটেইনৰ দৰে উপাদানো৷
ফুলকবি
এন্থোচায়ানিন সমৃদ্ধ উৎস হ’ল ফুলকবি৷ এই এন্থোচায়ানিনে কলষ্টেৰলৰ মাত্ৰা শৰীৰত কমাই দিয়ে৷ কলেষ্টেৰল যদি সহজে নকমে তেন্তে খাদ্য তালিকাৰ প্ৰতিসময়তে ফুলকবি ৰাখিব পাৰে৷
মূলা
ফুলকবিৰ দৰে মূলাতো এন্থোচায়ানিন আছে৷ ফলত মূলা খালে শৰীৰত কলেষ্টেৰলৰ মাত্ৰা নিয়ন্ত্ৰণত থাকে৷ বহুতেই মূলা খাই বেয়াও পায়৷ কিন্তু কলেষ্টেৰল থাকিলে ইচ্ছা নাথাকিলেও মূলা খাদ্যৰ তালিকাত ৰাখিব পাৰে৷
গাজৰ
শীতকালত শৰীৰৰ যত্ন ল’বলৈ গাজৰো অতি উপকাৰী খাদ্য৷ কলেষ্টেৰলৰ সমস্যাত যিসকলে দীৰ্ঘদিন ধৰি ভূগিছে তেওঁলোকে দৈনিক গাজৰ খাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ



















