বহুতেই কণী খাবলৈ ভালপায়৷ কোনোৱে অমলেট খায়, কোনোৱে আকৌ সিজোৱা কণী খাবলৈ পছন্দ কৰে৷ কিন্তু যেতিয়া আপুনি এটা কণী পানীত সিজাই তেতিয়া কেইছেকণ্ডৰ পাছতেই কণীৰ খোলাটো ফাটি যায় আৰু ভিতৰৰ বগা অংশ বাহিৰলৈ ওলাই আহে৷ তেতিয়া পানীও লেতেৰা হয় আৰু কণীও ভালধৰণে নিসিজে৷ আপুনিও যদি এই সমস্যাত ভূগি আছে তেন্তে কণী সিজোৱাৰ সময়ত এই টিপছ বা কৌশলসমূহ অনুসৰণ কৰিব পাৰে৷
কণী সিজোৱাৰ সময়ত প্ৰায়েই যদি ফাটি যায় তেন্তে আপুনি কণী ফ্ৰিজৰ পৰা ওলিয়াই লগে লগে গেছ বা চৌকাত বহাই নিদিব৷ ঠাণ্ডা আৰু গৰম পৰিবেশৰ কাৰণেও কণীৰ খোলাটো ঘপককৈ ফাটি যায়৷ প্ৰথমে কণীটোক স্বাভাৱিক তাপমাত্ৰালৈ আহিবলৈ দিয়ক৷ ফ্ৰিজৰ পৰা বাহিৰলৈ ওলিয়াই ১৫ মিনিট এনেই থৈ দিয়ক৷ আপুনি ইয়াক সাধাৰণ পানীটো জুবুৰিয়াই ৰাখিব পাৰে৷
এটা পাত্ৰত কণীসমূহ দিয়ক আৰু ভালকৈ ডুব যোৱা পৰিমাণত পানী দিয়ক৷ গেছ জ্বলাই দিয়ক৷ প্ৰথমে পাণী কিছু গৰম হোৱাৰ পাছত তাত কণী দিলে ফটাৰ সম্ভাৱনা বাঢ়ে৷ পানীখিনিত সামান্য ভিনেগাৰ আৰু নিমখ মিহলাই দিয়ক৷ নিমখ আৰু ভিনেগাৰ মিহলোৱা পানীত কণী ফাটিলেও নষ্ট হোৱাৰ আশংকা কম থাকে৷ কণীৰ বগা অংশ সহজে বাহিৰ হৈ নাহে৷
কেতিয়াও কণী বেছি জুইত নিসিজাব৷ কম জুইত কণী সিজাওক৷ কণী সিজোৱাৰ পাছত লগে লগে ঠাণ্ডা পানীত কণীকেইটা ডুবাই ৰাখক৷ ইয়াৰফলত কণীৰ বাকলি এৰুওৱাত সহজ হয়৷ হাফ বয়েল কণী খাই ভালপালে ৬ৰ পৰা ৭ মিনিট সময় সিজাওক আৰু সম্পূৰ্ণ সিজি যোৱা কণী খাই ভালপালে ৮ৰ পৰা ৯ মিনিট সয় সিজাওক আৰু হাৰ্ড বয়েলৰ বাবে ১০ৰ পৰা ১২ মিনিট সিজাব পাৰে৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ