অসম লাইভ ২৪ঃ পৱিত্ৰ মক্কাত আজি হজৰ তৃতীয়টো দিন। ২১ জুলাইত অনুষ্ঠিত হ’ব ঈদ-উল-আজহা। ক’ৰোনা মহামাৰীৰ বাবে কঠোৰ কোভিড বিধিৰ মাজত আয়োজন কৰা হৈছে হজ তথা ঈদৰ সম্পূৰ্ণ বিধি। বিশ্বৰ ১৫০ খন দেশৰ ৬০ হাজাৰ লোকে এইবাৰ হজৰ বাবে অনুমতি লাভ কৰিছে। অসমতো ঈদ পালনৰ বাবে কঠোৰ নীতি-নিয়ম বান্ধি দিছে প্ৰশাসনে। আজি প্ৰকাশ কৰা হ’ল কোভিড সম্বন্ধীয় নতুন SOP। নতুন কোভিড বিধি অনুসৰি, মছজিদত ঈদৰ নামাজ পঢ়িবলৈ কেৱল ৫ জনক অনুমতি প্ৰদান কৰিছে প্ৰশাসনে। ঘৰতে থাকি ঈদৰ নামাজ আদায় কৰিবলৈ ৰাজ্যবাসীক আহ্বান জনাইছে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। ক’ৰোনা মহামাৰীয়ে ঈদৰ উছাহ ম্লান কৰিলেও ৰীতি অনুসৰি সকলো ইছলাম ধৰ্মাৱলম্বীলোকে প্ৰস্তুতি চলাইছে অনুষ্টুপীয়াকৈ ঈদ উদযাপনৰ বাবে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ