অসম লাইভ ২৪: উত্তৰপ্ৰদেশ, পঞ্জাৱ, গোৱা, মণিপুৰ আৰু উত্তৰাখণ্ডৰ বিধানসভা নিৰ্বাচনৰ তাৰিখ আজি বিয়লি ৩ বজাত ঘোষণা কৰিব নিৰ্বাচন আয়োগে। ক’ৰনা ভাইৰাছৰ সংক্ৰমণ বৃদ্ধি পোৱাৰ সময়তে এই ৰাজ্যকেইখনত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব।
এই সন্দৰ্ভত নিৰ্বাচন আয়োগে পূৰ্বে কয় যে সকলো ৰাজনৈতিক দলেই সময় মতে নিৰ্বাচন হোৱাটো বিচাৰে। নিৰ্বাচন আয়োগে যোৱা কেইদিনমানধৰি পাঁচখন ৰাজ্যত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ তাৰিখৰ ওপৰত চিন্তা-চৰ্চা কৰি আছিল।
উল্লেখ্য যে ক’ৰনাৰ সময়ত নিৰ্বাচন অনুষ্ঠিত কৰিলে সংক্ৰমণ বৃদ্ধি পোৱা-নোপোৱাকলৈ পূৰ্বতে নিৰ্বাচন আয়োগ আৰু স্বাস্থ্য মন্ত্ৰণালয়ৰ শীৰ্ষ বিষয়াই এক বৈঠকত বহিছিল।
বৈঠকত এই কথাও চৰ্চা কৰা হৈছিল যে নিৰ্বাচনী কৰ্মীসকলে আৰু ভোটাৰ সকলে যাতে দুয়োপালি ভেকচিন গ্ৰহণ কৰিহে আহে।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ