অসম লাইভ ২৪ঃ সাম্প্ৰতিক সময়ত প্ৰযুক্তিবিদ্যাৰ বিকাশে অসম্ভৱকো সম্ভৱ কৰি তুলিছে। প্ৰযুক্তি এনে এক পর্যায়ত উপনীত হৈছে যে মানুহে মনত ভবা কথাও কার্যৰূপত দেখুৱাব যন্ত্ৰই। কামাণ্ড অবিহনেই আপুনি মনত ভৱা প্ৰতিটো কাম স্বয়ংক্ৰিয়ভাৱে সম্পন্ন কৰিব মোবাইল ফোনে। অৰ্থাৎ, হাতৰ প্ৰয়োগ অথবা শব্দ নোকোৱাকৈয়ে সম্পন্ন হ’ব সকলো কাৰ্য। নিউৰ’টেকন’লজি কোম্পানী ‘নিউৰ’লিংকে’ বিকাশ কৰিছে এক বিশেষ প্ৰযুক্তি। এই প্ৰযুক্তিৰ জৰিয়তে ব্যক্তিৰ মগজু আৰু যন্ত্ৰ পৰস্পৰে পৰস্পৰৰ সৈতে সংযুক্ত হৈ কোনো কামাণ্ড অবিহনেই কাৰ্য সম্পাদন কৰিব। ‘নিউৰ’লিংক’ৰ প্ৰতিষ্ঠাপক এলন মাস্ক আৰু অভিযন্তাসকলে বিগত বৰ্ষতে ঘোষণা কৰিছিল এই প্ৰযুক্তিৰ বিষয়ে। এই নিউৰ’ল ইমপ্লাণ্টে হাৰ্ডৱেৰৰ অবিহনে মগজুৰ গতি-বিধি ওৱায়াৰলেছৰ সহায়ত প্ৰচাৰ কৰিব। কেৱল ঘোষণা কৰাই নহয় এলন মাস্কে এই প্ৰযুক্তিৰ ডেম’ দেখুৱাইছে সকলোৰো সমুখত। ‘নিউৰ’লিংক’ৰ এই প্ৰযুক্তি বিকাশৰ লক্ষ্য হৈছে মানৱ মগজুক কৃত্ৰিম বুদ্ধিমত্তাৰ সৈতে সামঞ্জস্য কৰি কম্পিউটাৰ, কৃত্ৰিম শাৰীৰিক অংগ আৰু অন্যান্য যন্ত্ৰ কেৱল বিচাৰ শক্তিৰে চলাব পৰা যায়। নিউৰ’লিংকে উদ্ভাৱন কৰা যন্ত্ৰটো মানুহৰ নখৰ সমান, বেটাৰীৰ সহায়ত চলা আৰু মানুহৰ চুলিতকৈও পাতল তাঁৰেৰে সজ্জিত এটি অতি সৰু যন্ত্ৰ যিটো মগজুত স্থাপন কৰা হ’ব। ইয়াৰ জৰিয়তে কামাণ্ড অবিহনেই মনত ভবা প্ৰতিটো কাম সম্পন্ন কৰিব যন্ত্ৰটোৱে। কিছু বছৰৰ পাছত ‘নিউৰ’লিংকে’ আনুষ্ঠানিকভাৱে মুকলি কৰিব এই বিশেষ প্ৰযুক্তি।
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ