বিশ্ব আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্কৰ পিতৃ এৰল মাস্কে পুত্ৰ এল’নক লৈ অকণো গৌৰৱ অনুভৱ নকৰে৷ এক ৰেডিঅ’ত সাক্ষাৎকাৰ দিয়াৰ সময়ত এৰল মাস্কে এই কথা প্ৰকাশ কৰিছে৷
অষ্ট্ৰেলিয়া ৰেডিঅ’ দ্য কাইল আৰু দ্য জেকি অ’ শ্ব’ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত পিতৃ এৰল মাস্কে কয় যে নিজৰ বিলিয়’নাৰ পুত্ৰক লৈ তেওঁ অকণো গৌৰৱ নকৰে।
বিজনেছ ইনচাইডাৰে প্ৰকাশ কৰা অনুসৰি তেওঁ আৰু কয় যে এল’নৰ কেৰিয়াৰৰ অগ্ৰগতিৰ ওপৰতো তেওঁ সুখী নহয়। এল’নৰ সফলতাক লৈ গৌৰৱ কৰে নেকি বুলি সোধাত এৰ’লে একাষাৰে উত্তৰ দি ‘নকৰো’ বুলি কয়। তেওঁ লগতে কয় ‘আমি এনে এটা পৰিয়াল যিয়ে বহুদিনৰ পৰা বহুত কাম কৰি আহিছো, এনে নহয় যে আমি হঠাতে কিবা এটা কৰিবলৈ আৰম্ভ কৰিলোঁ।’
লগতে পঢ়ক ২২ বছৰীয়া অতি সাহসী যুৱতী! তিনিবাৰ বিক্ৰী একাধিকবাৰ ধৰ্ষণৰ পিছতো কলেজ যোৱাৰ প্ৰস্তুতি
এৰ’লে আৰু কয় যে তেওঁৰ তিনিটা সন্তানে সৰুৰে পৰাই তেওঁৰ সৈতে বিশ্ব ভ্ৰমণ কৰি আহিছে৷ অৱশ্যে তেওঁ স্বীকাৰ কৰে যে পুত্ৰ এল’নে ‘সঁচাকৈয়ে নিৰ্দিষ্ট সীমা অতিক্ৰম কৰিছে’। তেওঁ অনুভৱ কৰে যে এল’নে যিমান সুখী হ’ব বিচাৰে সিমান সুখী নহয়, কাৰণ এল’নে বৰ্তমান যিটো স্থানত অৱস্থান কৰিছে সেই স্থান পাঁচ বছৰ আগতেই পাব লাগিছিল।
পিতৃ এৰ’লে এল’ন মাস্কৰ সম্পৰ্কবোৰৰ ক্ষেত্ৰতো সুখী নহয়৷ পিতৃ এৰ’লৰ মতে এল’নে তেওঁৰ বাবে সৰ্বোচ্চ ত্যাগ কৰিব পৰা এগৰাকী সংগী নিৰ্বাচন কৰা উচিত৷ অৱশ্যে এইটো এল’নৰ বাবে সহজ নহয় বুলিও উল্লেখ কৰে পিতৃ এৰল মাস্কে৷
উল্লেখ্য বিশ্বৰ আটাইতকৈ ধনী ব্যক্তি এল’ন মাস্ক যিদৰে বিতৰ্কিত ব্যক্তি ঠিক একেদৰে পিতৃ এৰ’ল মাস্কো এজন বিতৰ্কিত ব্যক্তি৷ কিছুদিনৰ পূৰ্বে এই এৰল মাস্কে নিজৰে সতীয়া কন্যাৰ সৈতে প্ৰেমৰ সম্পৰ্ক থকাৰ কথা ৰাজহুৱা কৰিছিল৷ ইমানেই নহয় এৰলৰ সতীয়া কন্যাই তেওঁৰ ঔৰসজাত কন্যা সন্তানো জন্ম দিয়া বুলি দাবী কৰি বিতৰ্কৰ সূত্ৰপাত ঘটাইছিল৷
এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ