• Latest
  • Trending
  • All
  • বিনোদন
  • ৰাজনীতি
যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?

যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?

4 years ago
পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

পূজা চলি থকাৰ মাজতে পত্নী-পুৰোহিতসহ ৩ জনক হ*ত্যা

6 hours ago
কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

কাইলৈ কন্যা, তুলাসহ কেইবাটাও ৰাশিৰ বাবে শুভ দিন

7 hours ago
আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

আদালতৰ সকাহ! ৪ অক্টোবৰত মুকলি আকাশৰ তললৈ আহিব শ্বাৰ্জিল

7 hours ago
অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

অভিষেক-আয়াৰক আউট কৰা চাৰ্লি হিঞ্জেৰ কাহিনী

8 hours ago
ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

9 hours ago
মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

মন্দিৰলৈ যোৱা কিশোৰীক নি*ৰ্যাতন

9 hours ago
দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

দৰমহাৰ ১০ হাজাৰ টকাৰ বাবেই ২৪ কোটি টকাৰ ক্ষতি!

10 hours ago
কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

কেতিয়াৰ পৰা এইবাৰৰ শাৰদীয় নৱৰাত্ৰি? হাতী আগমন-ঘোঁৰাত বিদায় দেৱী দুৰ্গাৰ

10 hours ago
প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

প্ৰেম, ঘৃণা আৰু এক ভয়ংকৰ সমাপ্তি! লখিমপুৰৰ ঘটনাই জোকাৰিছে দেশ

11 hours ago
গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

গৰম আঞ্জাৰ পাত্ৰত পৰি মহিলাৰ মৃত্যু

12 hours ago
DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

DJৰ উচ্চস্বৰে প্ৰাণ কাঢ়িলে কণমানি ছাত্ৰীৰ

12 hours ago
চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

চাইনাছ আৰু চৰ্দি একে সমস্যা নেকি? ডাক্তৰৰ পৰা পাৰ্থক্যটো জানি লওক

13 hours ago
  • About
  • Advertise
  • Careers
  • English Edition
Wednesday, September 23, 2026
No Result
View All Result
Asom Live 24
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
  • মুখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • উত্তৰ-পূব
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • প্ৰযুক্তি
  • বিনোদন
  • জীৱনশৈলী
  • লেখা
No Result
View All Result
Asom Live 24
No Result
View All Result
Home ৰাজনীতি

যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?

editor by editor
August 3, 2022
in বিশ্ব, ৰাজনীতি
0
যুদ্ধ কৰি নহয় ‘আৰ্ট  অৱ ৱাৰে’ৰে টাইৱান জয় কৰিব চীনে! কিয় এই আৰ্ট অৱ ৱাৰ?
0
SHARES
666
VIEWS
Share on FacebookShare on TwitterShare on WhatsAppShare with Email

চীনে টাইৱান আক্ৰমণ কৰিব বুলি বিশ্ব সংবাদ মাধ্যমত চৰ্চা লাভ কৰিছে৷ আনকি আমেৰিকাও চীনে টাইৱান আক্ৰমণ কৰিব উদ্বিগ্ন হৈ থকা দেখা গৈছে৷ আমেৰিকাৰ সংসদৰ অধ্যক্ষ নেন্সি পেলোছিয়ে চীনে টাইৱান আক্ৰমণ কৰিব বুলি কেৱল শংকিত হোৱাই ক্ষুদ্ধ হোৱা বুলিও বাতৰি প্ৰকাশ কৰিছে৷

ইয়াৰ মাজতে চীনে টাইৱানক প্ৰত্যক্ষ যুদ্ধৰে আক্ৰমণ কৰাৰ বিপৰীতে অন্য পথ গ্ৰহণ কৰিব বুলিও বিশেষজ্ঞসকলে ধাৰণা কৰিছে৷ বিশেষকৈ চীনৰ কুটনীতি তথা কৌশল বুজি পোৱাসকলে বিশ্বাস কৰে যে চীনে এই মুহূৰ্তত টাইৱান আক্ৰমণ নকৰে৷ তেওঁলোকৰ মতে চীনে বৰ্তমান পৰিস্থিতি এখন যুদ্ধত প্ৰবৃত্ত হ’ব পৰাকৈ সাজু হোৱাটোও সহজ হৈ থকা নাই৷

তেনে চীনে কিয় টাইৱানৰ দিশে সামৰিক আগ্ৰাসন অব্যাহত ৰাখিছে? উক্ত বিশেষজ্ঞসকলে দাবী কৰে যে চীনে ‘আৰ্ট অৱ ৱাৰ’ৰ জৰিয়তে টাইৱানক জয় কৰাৰ চেষ্টা কৰিব৷ এতিয়া কি হ’ল এই ‘আৰ্ট অৱ ৱাৰ’?

 

লগতে পঢ়ক গেংষ্টাৰৰ ভাবুকি! মাৰণাস্ত্ৰৰ অনুজ্ঞাপত্ৰৰ পাছত চলমান খানৰ বুলেটপ্ৰুফ বাহন

আচলতে ‘আৰ্ট অৱ ৱাৰ’ হৈছে ছান ট্জুৰ এটা তত্ত্ব, যাক চীনা সামৰিক কৌশলবিদ আৰু চিন্তাবিদ বুলি কোৱা হয়। ৫০০ খ্ৰীষ্টপূৰ্বত তেওঁ একে নামৰ এখন কিতাপ লিখিছিল, য’ত তেওঁ কৈছে যে আমি শত্ৰুৰ সৈতে মোকাবিলা কৰিবলৈ ইমানখিনি প্ৰস্তুতি চলাব লাগে যে আমি যুদ্ধ নকৰিলেও হয়। ইয়াৰ অৰ্থ আছিল প্ৰতিপক্ষৰ ওপৰত এইদৰে হেঁচা প্ৰয়োগ কৰা উচিত বা এনেদৰে ঘেৰি ৰখা যে উচিত যে তেওঁলোক যাতে নিজকে বিচ্ছিন্ন অনুভৱ কৰি আত্মসমৰ্পণ কৰে৷

চীনৰ যুদ্ধ কৌশলত এই আৰ্ট অৱ ৱাৰৰ ছাপ সদায় দৃশ্যমান হৈ আহিছে। ডকলাম, লাডাখ আদি অঞ্চলত সীমান্ত বেদখল কৰি ভাৰতৰ সৈতে মাহৰ পিছত মাহ ধৰি উত্তেজনা বজাই ৰখা আৰু তাক চাপ সৃষ্টি কৰিবলৈ কৰা প্ৰচেষ্টাও তেনে এক কৌশলৰে অংশ।

ইয়াৰ বাহিৰেও চীনে দক্ষিণ চীন সাগৰতো একেই কৌশল গ্ৰহণ কৰি আহিছে। দক্ষিণ চীন সাগৰত জাপান, ভিয়েটনামকে ধৰি বহু দেশৰ ওপৰত সামৰিক আৰু কুটনৈতিক হেঁচা প্ৰয়োগ কৰি চাপত পেলাবলৈ চেষ্টা কৰি আহিছে।

 

লগতে পঢ়ক ২২ বছৰীয়া অতি সাহসী যুৱতী! তিনিবাৰ বিক্ৰী একাধিকবাৰ ধৰ্ষণৰ পিছতো কলেজ যোৱাৰ প্ৰস্তুতি

ইয়াৰ জৰিয়তে চীনে কেৱল চাপত ৰাখিবলৈ চেষ্টা কৰাই নহয়, এইদৰে চাপ সৃষ্টি কৰি সঠিক সময়লৈ অপেক্ষাও কৰে। ১৯৬২ চনত হঠাতে ভাৰতক আক্ৰমণ কৰি চীনে ইয়াৰ প্ৰমাণ দি থৈছে। চীনে তিব্বতৰ ওপৰতো এনে কৌশল প্ৰয়োগ কৰি তিব্বতীসকলৰ বিদ্ৰোহ দুৰ্বল কৰি পেলাইছিল।

চীন আৰু টাইৱানৰ সম্পৰ্ক বুজি পোৱা বিশেষজ্ঞসকলে কয় যে ড্ৰেগনে পুনৰ একেধৰণৰ কৌশল গ্ৰহণ কৰিব পাৰে। বৰ্তমান চীনে টাইৱানক আক্ৰমণ কৰিলে আমেৰিকাই চীনৰ ওপৰত অৰ্থনৈতিক নিষেধাজ্ঞা আৰোপ কৰিব পাৰে। সেইবাবেই চীনে হয়তো টাইৱান আৰু আমেৰিকা বিপক্ষে তেনে কৌশল প্ৰয়োগ কৰিহে থাকিব, কিন্তু আক্ৰমণ নকৰিব পাৰে।

 

লগতে পঢ়ক ‘বিধৱাৰ সাজ পিন্ধি কিমান দিন থাকিব, তাইক মই আকৌ বোৱাৰী কৰি ল’লো’

ইয়াৰ উপৰিও আমেৰিকাৰ সেনাৰ তুলনাত চীনো বহু পিছ পৰি আছে। এনে অৱস্থাত চীনে কেইটামান দশকলৈ দ্ৰুতগতিত নিজৰ অৰ্থনৈতিক আৰু সামৰিক শক্তি বৃদ্ধি কৰিব বুলি ধাৰণা কৰা হৈছে।

ইফালে চীনে ইউক্ৰেইন যুদ্ধৰ পৰাও বহু শিক্ষা আহৰণ কৰিছে আৰু ৰাছিয়াৰ দৰে টাইৱানত আবদ্ধ হৈ থাকিব নিবিচাৰে। এনে অৱস্থাত হেঁচা প্ৰয়োগ কৰি থকাৰ সময়তে চীনে নিজকে এনে অৱস্থাত ৰাখিব বিচাৰিছে যে আমেৰিকাই টাইৱানত হস্তক্ষেপ কৰি নিজৰ নিয়ন্ত্ৰণলৈ নিব পৰা অৱস্থাত নাই। এইটোৱেই হৈছে আৰ্ট অৱ ৱাৰৰ নীতি, য’ত ছান ট্জুৱে যুদ্ধত প্ৰৱেশ নকৰাকৈও যুদ্ধত জয়ী হোৱাৰ কথা কৈছে।

 

See More

এনেধৰণৰ অন্যান্য বা-বাতৰিৰ বাবে লাইক কৰক অসম লাইভ ২৪ ৰ ফেচবুক পেজ

Tags: asom live 24assam ka tazza khabarassam live 24axom live 24axom live 24 digitalbest news channel in assamBest news channel of assamBest News Portal in Assamchinachina taiwan newstaiwan
editor

editor

আপোনাক প্ৰতি মুহূৰ্তৰ খবৰৰ বিষয়ে অৱগত কৰিবলৈ আৰু প্ৰকৃত, বস্তুনিষ্ঠ সত্য দাঙি ধৰিবলৈ আমি সদায় সষ্টম। আপোনাক সময়তকৈ আগত ৰখাৰ উদ্দেশ্যেই আমাৰ এই "অবিৰত ও অবিচল" যাত্ৰা ...

Related Posts

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী
ৰাজনীতি

ৰাহুল গান্ধীৰ অনুষ্ঠানত ভাইৰেল যুৱতী

September 22, 2026
ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক
বিশ্ব

ফটো উঠক আৰু লাভ কৰক লাখ লাখ টকা! AI কোম্পানীৰ ডাঙৰ অফাৰ, জানক

September 22, 2026
ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ
অসম

ধুবুৰীৰ ‘বদলা’ নগাঁৱত… কংগ্ৰেছক ‘অপেন চেলেঞ্জ’ আজমলৰ

September 21, 2026
সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া
বিবিধ

সাৱধান বিশ্ববাসী! ভয়ংকৰ পৰিস্থিতিৰ বাবে সাজু হোৱাৰ সময় এয়া

September 21, 2026
Next Post
হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!  

হঠাতে আবিৰ্ভাৱ ‘বিশাল ৰহস্যময় গহ্বৰ’, স্তম্ভিত বিশ্বৰ বিজ্ঞানী সমাজ!  

খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?

খন্তেকতে কোটিপতি এক শ্ৰমিক! গৰাকী হ’ল ২৭০০ কোটিৰ, তাৰ পাছত কি হ’ল?

Leave a Reply Cancel reply

Your email address will not be published. Required fields are marked *

Facebook Twitter Youtube RSS

About Us

You’re visiting the official website of Asom Live 24, a dedicated digital news platform from Assam. We bring you the latest, updated and exclusive content from around Assam, NE and India as a whole. We, at Asom Live, work 24×7, so that you’re “Ahead of Time, Always”.

We’re Social

Make sure to subscribe to our Social Media handles to get regular updates.

We post exclusive content and updates at these accounts. Stay Tuned !!

Contact Us

Asom Live 24
4th Floor, Mainak Tower, Christian Basti,
G. S. Road, Guwahati – 781005,
Phone: +91 72798 35555
Email: info@asomlive24.com

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.

No Result
View All Result
  • মূখ্য পৃষ্ঠা
  • গুৱাহাটী
  • অসম
  • ভাৰত
  • বিশ্ব
  • ৰাজনীতি
  • সমীক্ষণ (আলোচনী)
  • বাণিজ্য
  • জীৱনশৈলী
    • স্বাস্থ্য
    • খাদ্য
    • ভ্ৰমণ
  • বিজ্ঞান
  • লেখা
  • বিনোদন
    • চিনেমা
    • সংগীত
    • ক্ৰীড়া
    • ফেশ্বন

© 2021 Asom Live 24 - All Rights Reserved. Ahead of Time, Always.